Breaking

গুৱাহাটীত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ আন্তঃ বেটেলিয়ান ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপ

0 22

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অধীনৰ সাতখন ৰাজ্যৰ নিৰ্বাচিত কেডেট সকলৰ বাবে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়ান চৌহদত থকা ফায়াৰিং ৰেঞ্জত ১৭ এপ্ৰিলৰ পৰা চলি আছে আন্তঃ বেটেলিয়ান ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপ । শিবিৰত তামিলনাডুৰ তিৰুচিৰাপল্লীত অহা ২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃ সঞ্চালকালয় ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া উত্তৰ পূব মণ্ডলৰ দলটোক নিৰ্বাচন কৰা হব আনহাতে কাহিলীপাৰাত চলি থকা চেম্পিয়নশ্বিপত উত্তৰ পূব মণ্ডলৰ মুঠ ৩১১ জন নিৰ্বাচিত কেডেটে ভাগ লৈছে।

যত তিৰুচিৰাপল্লীত অনুষ্ঠিত হ’বলগীয়া আন্তঃ সঞ্চালকালয় চেম্পিয়নশ্বিপত ভাগ লবলগীয়া ২২ জনীয়া কেডেটৰ দলটো নিৰ্বাচিত কৰা হব । আনহাতে উত্তৰ পূব মণ্ডলৰ কেডেটৰ দলটোৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত থকা -খোৱাৰ সুবিধা কৰা হৈছে। আনহাতে অহা ২৫ এপ্ৰিলত এই শিবিৰৰ সামৰণি পৰিব।

Leave A Reply