গোসাইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটাৰ বাসিন্দা তথা ৰহম আলী শ্বেখৰ পুত্ৰ শ্বেখ সাহিল তানবিৰে চিকিৎসা শিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা NEET-ত উজ্জ্বল সাফল্য অৰ্জন কৰি ৬৩৬ নম্বৰ লাভ কৰে।
তেওঁৰ এই কৃতিত্বই পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ সাপকাটা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলস্বৰূপে তেওঁ এই উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
শ্বেখ সাহিল তানবিৰৰ এই সাফল্যই অঞ্চলটোৰ অন্যান্য ছাত্ৰ-ছাত্ৰীসকলকো উচ্চ লক্ষ্য স্থিৰ কৰি আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।
তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে বহু লোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

