Breaking

অসুস্থ্য স্বাস্থ্যকৰ্মীক চিকিৎসা প্ৰদানত হেমাহি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত । উৎকট গৰমত পিপিই কিট পিন্ধি অসুস্থ স্বাস্থ্যকৰ্মী

0 1,284

নগাঁও : ৰাজ্যত বৰ্তমান পূৰ্ণদ্যমে চলিছে ৰেপিড এণ্টিজেন টেষ্ট। নিতৌ ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰিছে ইজনৰ পিছত সিজনৰ দেহত ক’ৰোণাৰ সংক্ৰমণ। ৰেপিড এণ্টিজেন টেষ্টত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে পৰিধান কৰিব লাগে পি পি ই কিট। পিছে এই উৎকট গৰমত পি পি ই কিট পিন্ধাটোও যথেষ্ট কষ্টকৰ। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পি পি ই কিট পিন্ধি অসুস্থ হৈ পৰিছে বহু স্বাস্থ্যকৰ্মী। নগাঁৱৰ নেহেৰুবালিত থকা ক’ভিদ স্ক্ৰীণিং চেণ্টাৰত কৰ্তব্যত নিয়োজিত ৰসৰাজ শইকীয়া নামৰ লেবৰটৰী টেকনিচিয়ান গৰাকীয়ো পি পি ই কিট পিন্ধি হঠাৎ সংজ্ঞাহীন হৈ পৰে। অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক লগে লগে সহকৰ্মীসকলে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মী গৰাকীক চিকিৎসা প্ৰদানত চৰম হেমাহি প্ৰদৰ্শন কৰে চিকিৎসক তথা নাৰ্ছে। আনকি অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক নিচামুক্তি কেন্দ্ৰত বিভিন্ন নিচাসক্ত ব্যক্তিৰ লগত এখন বিচনাত বিনা চিকিৎসাই ৰাখে। এই কথাত ক্ষোভিত হৈ স্বাস্থ্যকৰ্মীসকলে নাৰ্ছক অভিযোগ দিয়াত এগৰাকী নাৰ্ছে কয়, “বেছি হলস্থুল নকৰিব, ন’হলে ক’ভিদ হস্পিতালত ভৰাই দিম”। নাৰ্ছৰ ব্যৱহাৰত ক্ষুদ্ধ হৈ স্বাস্থ্যকৰ্মীসকলে সাংবাদিকক খবৰ দিয়ে। ইয়াৰ পিছতে এগৰাকী নাৰ্ছে চিকিৎসাৰ নামত এটা চেলাইন দিয়ে দায়িত্ব সামৰে। কিন্তু ক’ভিদ ১৯ৰ চেলু লৈ একাংশ চিকিৎসক-নাৰ্ছে ৰোগীক চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে খোদ স্বাস্থ্যবিভাগৰ দ্বাৰা ক’ভিদ ডিউটিত নিয়োজিত স্বাস্থ্যকৰ্মীকে অৱহেলা কৰা কাৰ্যই এই অভিযোগক সঁচা বুলি প্ৰমাণিত কৰিলে।

Leave A Reply