Breaking

হোজাই নীলবাগানত পাৰিবাৰিক কন্দলৰ বাবে নিজ খুৰাকে দাৰে ঘপিয়াই হত্যা কৰিলে ভতিজাকক : উত্তেজিত ৰাইজৰ থানা ঘেৰাও

0 34

হোজাই , ১৯ নবেম্বৰ : হোজাই জিলাৰ নীলবাগানৰ আশীনগৰত যোৱা নিশা এক চাঞ্চ্যল্যকৰ হত্যাকাণ্ড সংগঠিত হোৱা ঘটনাই চাঞ্চল্যৰ লগতে উত্তেজনা বিৰাজ কৰিছে ৷ যোৱা নিশা ২ মান বজাত শোৱা পাটিত জাকিৰ হুছেইন নামৰ লোকজনক নিজ খুৰাকে চোকা দাৰে ডিঙি কাটি হত্যা কৰে ৷ ইমানতে ক্ষান্ত নাথাকি জাকিৰ হুছেইনৰ পত্নীকো হত্যা কৰিবলৈ চেষ্টা চলায় হত্যাকাৰী খুৰাক সুৰুজ আলী ৷ হত্যাকাণ্ড সংগঠিত কৰি সুৰুজ আলী হত্যাকাণ্ড সংগঠিত কৰা অস্ত্ৰ লৈ শংকৰদেৱ নগৰ উপ আৰক্ষী চকীত নিশাৰ ভাগতেই আত্মসমৰ্পন কৰে ৷ মৃত জাকিৰ হুছেইন মাছ ব্যৱসায়ীৰ লগতে এজন অমায়িক স্বভাৱৰ লোক আছিল ৷ এনেদৰে লোকজনক হত্যা কৰা কাণ্ডক লৈ মানি লব পৰা নাই সাধাৰন ৰাইজে ৷ গাৱৰ ৰাইজে হত্যাকাৰীৰ ফাচিৰ দাবী নীলবাগান আৰক্ষী পহৰা চকী ঘেৰাওঁ কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ৷ পাছত হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উত্তেজিত ৰাইজক ক্ষান্ত কৰে ৷ স্থানীয় ৰাইজে , পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে পাৰিবাৰিক কণ্ডলৰ বাবেই এই হত্যাকাণ্ড সংগঠিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷ 

Leave A Reply