Breaking

কন্যকা বহুমুখী কৃষি পামৰ নৱতম সংযোজন : ‘কন্যকা ৰেষ্টুৰেন্ট’ৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

0 1,748

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অভিনৱ প্ৰকল্প কন্যকা বহুমুখী পামৰ এক নতুন সংযোজন “কন্যকা ৰেষ্টুৰেন্ট”ৰ কালি শুভ উদ্বোধন কৰে । খীষ্টান ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আধুনিক ভাৰতৰ নিৰ্মাতা স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ‘সুশাসন দিন’ৰ শুভক্ষণৰ লগত সংগতি ৰাখি আয়োজন কৰা “কন্যকা ৰেষ্টুৰেন্ট”ৰ শুভ উদ্বোধনী অনুষ্ঠানত কেক কাটি বিধায়ক পদ্ম হাজৰিকাই ৰেষ্টুৰেন্টখন মুকলি কৰে । নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড° আকাশদ্বীপ কাকতি আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া সূৰ্য কমল বৰাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ জৰিয়তে ৰাইজৰ বাবে আৰু বহুতো সা-সুবিধা আগবঢ়োৱাৰ বাবে তেওঁ বদ্ধপৰিকৰ বুলি মন্তৱ্য কৰে । উল্লেখ্য যে, বিধায়ক হাজৰিকাই কন্যকা বহুমুখী পামৰ জৰিয়তে সমষ্টিটোৰ যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ পথ দেখুওৱাৰ  লগতে থলুৱাভাবে উৎপাদিত সামগ্ৰীসমূহ ৰাইজৰ বাবে সুলভ কৰি এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে । পথাৰ আৰু বজাৰ দখল কৰি ল’ব নোৱাৰিলে এটা জাতিৰ অস্তিত্ব সদায় বিপদাপন্ন বুলি মন্তৱ্য কৰা পদ্ম হাজৰিকাৰ এই নতুন পদক্ষেপে ইতিমধ্যেই ৰাইজৰ সঁহাৰী লাভ কৰা পৰিলক্ষিত হৈছে ।

Leave A Reply