মৰিগাঁও,৬ জানুৱাৰী, ২০২৫ঃ Morigaon । মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ সভাত জিলা কংগ্ৰেছৰ সাধাৰণ জাতি বিকাশ বিভাগৰ নৱ নিৰ্বাচিত সমিতিয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।
সভাখনি মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত জিলা কংগ্ৰেছৰ বিভিন্ন সদস্যই উপস্থিত থাকি নতুন সমিতিৰ সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে।
এই সভাত পৱন কলিতাই মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ জাতি বিকাশ বিভাগৰ নৱ নিৰ্বাচিত সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। লগতে সমিতিৰ অন্যান্য পদাধিকারীয়ে দায়িত্বত অধিষ্ঠিত হৈ আগন্তুক দিনত সমাজৰ উন্নয়নমূলক কামত তৎপৰ হৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
সভাখনত বক্তাসকলৰ মাজত সদ্যনিযুক্ত সভাপতি পৱন কলিতা লগতে জিলা কংগ্ৰেছৰ অন্যগৰাকী জ্যেষ্ঠ নেতাই বক্তব্য ৰাখি দলৰ ঐক্যতা আৰু জাতি বিকাশৰ বাবে একত্ৰিত হৈ কাম কৰাৰ আহ্বান জনায়।
উক্ত সভা সফলতাৰে সামৰণি পৰে আৰু সমাগত দিনত নতুন সমিতিয়ে সমাজখনৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে কাম কৰাৰ দৃঢ় সংকল্প প্ৰকাশ কৰে।