Breaking

নব প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ

0 1,081

ওদালগুৰিত  SSBৰ 23BN  লালপুল শিৱিৰৰ  প্ৰশংসণীয় পদক্ষেপ ৷নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ  শিবিৰ আয়োজন কৰা হৈছে ৷ওদালগুৰি জিলাৰ সোনাই খেল পথাৰত আয়োজন কৰে এই বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ৷উক্ত প্ৰশিক্ষণ কেন্দ্ৰ নিৰীক্ষণ কৰিবলৈ দিনৰ প্ৰায়  ৪বজাত উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG  D. K সিনহা ওদালগুৰি জিলাৰ লালপুল 23BN SSB শিবিৰৰ প্ৰশংসনীয় পদক্ষেপ৷লালপুল সীমান্ত শাখাই বিগত দিনত নিজৰ দায়িত্ব আৰু কৰ্তব্য  পালন কৰাৰ লগতে  নিৰপেক্ষ ভাৱে সামাজিক কাম কাজ কৰি আহিছে।

এইবেলিও শিক্ষিত নৱ প্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যোৱা ৮ফেব্ৰৱাৰী তাৰিখৰ পৰা ওদালগুৰি সোনাই খেল পথাৰত ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ শুভাৰম্ভ কৰি প্ৰশিক্ষণ দি থকাৰ সময়তে উক্ত কেন্দ্ৰটো নিৰীক্ষণ কৰিবলৈ উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG D.K সিনহা৷ উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো নিৰীক্ষণ কৰি DIG গৰাকীয়ে কয় যে আগন্তুক দিনতো সীমান্ত শাখাৰ তৰফৰ পৰা শিক্ষিত নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এনে কাৰ্যসূচী চলাই থাকিব৷SSBৰএনে পদক্ষেপক ওদালগুৰিৰ স্থানীয় ৰাইজে  প্ৰশংসা কৰা পৰিলক্ষিত হয়৷

Leave A Reply