ৰৌতা আৰক্ষী থানাত নতুন আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ

অসম চৰকাৰৰ এক নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এলেকাসহ ওদালগুৰি  সদৰ  আৰক্ষী থানাৰ  আৰক্ষী বিষয়া মলয়  কুমাৰ  আচাৰ্যই   ৰৌতা  আৰক্ষী থানালৈ  বদলি হৈ আহে  । সেয়েহে ৰৌতা আৰক্ষী  থানাৰ  নতুন   ভাৰপ্ৰাপ্ত  আৰক্ষী  বিষয়া হিচাপে  কালি ১৯  জুলাইৰ  দিনা  থানাৰ  দায়িত্বভাৰ গ্ৰহণ কৰে । গতিকে  বৃহত্তৰ  ৰৌতা  অঞ্চলটোৰ  বিভিন্ন  জনগোষ্ঠীৰ  জনসধাৰণে  নতুনকৈ  আহি  কাৰ্যত  যোগদান কৰা  নতুন আৰক্ষী বিষয়াগৰাকীক সম্ভায়ণ  জনাইছে  । তদুপৰি এই  নতুন  আৰক্ষী  বিষয়া গৰাকীৰ  নেতৃত্বত বৃহত্তৰ ৰৌতা অঞ্চলটো দুৰ্নীতি  মুক্ত হোৱাৰ   লগতে  ড্ৰাগছ  মুক্ত  আৰু  ক’ভিড  মহামাৰীৰ প্ৰতি  লক্ষ্য  ৰাখিব বুলি  ৰাইজে  আশা প্ৰকাশ কৰিছে  ।  আনহাতে  এই  ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাই ওদালগুৰি  জিলা  আৰক্ষী  অধীক্ষক  কাৰ্যালয়লৈকে  আজি  বদলি  হৈ  যায়  বুলি   জানিব পৰা গৈছে  । 

Related Articles