Breaking

লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা

0 2,022

 মৰিগাঁও জিলাৰ  লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি উৎসৱ পালন- প্ৰত্যেক বছৰৰ দৰে এই বেলি লাহৰীঘাট গ’লডেন ছিনিয়ৰ স্কুলত ১৫ আৰু ১৬ তাৰিখে দুদিনীয়া  কাৰ্য্যসূচীৰে নৱাগত আদৰণি পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিলচৰ বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা USTM কলেজ মেঘালয়ৰ অধ্যাপক ওমৰ শুছেইন মেহদী চাহাব,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মুজিবৰ ৰহমান, নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰফিকুল ইছলাম,লাহৰীঘাট শিক্ষা খণ্ডৰ  বি আৰ পি হবিবুৰ ৰহমান, কনিষ্ঠ সহায়ক লিগেল মেট্ৰলজি নগাঁওৰ আকাবৰ আলী,লাহহৰীঘাট কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফাইজুৰ ৰহমান,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাপতি হাৰুন উল ৰশ্বিদ খান, প্ৰৱক্তা ক্ৰমে খলিলুৰ ৰহমান,ছাদ্দাম শুছেইন,ছাজিদুৰ ৰহমানৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা বজাত পতাকা উত্তোলন, উত্তোলন কৰে-মজিবুৰ ৰহমান অধ্যক্ষ লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।৯:৩০ বজাত বৃক্ষ ৰুপন- বৃক্ষ ৰুপন- কৰে ফাইজুৰ ৰহমান আৰু হাৰুন উল ৰশ্বিদ খান চাহাব।১০-১১ বজালৈ এনাজৰী- পৰিচালনা কৰে প্ৰৱক্তা ছাদ্দাম শুছেইনে,১১বজাত মুকলি সভাৰ সভাপতি প্ৰতিত্ব কৰে অধ্যক্ষ মুজিবৰ ৰহমানে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সম্পাদক আকাবৰ আলীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱা ৯-১২ বজালৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত- নৃত্য পৰিবহণ।১-৪ বজালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবশনৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰে। 

Leave A Reply