Breaking

হাজোৰ বিষ্ণুপুৰস্থিত বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰনি সভাঃ হাতে লিখা আলোচনী ” গজালি” উন্মোচন…

0 54

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ২০২২-২৩ শিক্ষাবৰ্ষৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে আদৰনি জনোৱাৰ্থে আজি দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে এখনি নৱাগত আদৰনি সভা সম্পণ্ণ হ’য়।

কাৰ্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পন কৰে বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ড° জিতেন্দ্ৰ ডেকাই। বৃক্ষৰোপন কৰে স্কুলৰ পৰিচালন সঞ্চালক মইদুল ইছলামে।ইয়াৰ পিছতেই হাতে লিখা আলোচনী “গজালি” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক শংকৰ শইকীয়াই।সমান্তৰাভাৱে নৱাগত আদৰনি সভা অনুষ্ঠিত হ’য়।সভাত বিশিষ্ট লেখক,সমালোচক প্ৰভাত চন্দ্ৰ দাসে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শৈক্ষিক নৱজাগৰন সৃষ্টিৰে গঠনমূলক বক্তৃতা দাঙি ধৰে।উক্ত সভাতেই মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰামদিয়া ডেফডিল ইংলিছ স্কুলৰ অধ্যক্ষ দীনেশ পাণ্ডে।

সভাৰ শেষত আবেলিৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিপল,মুনদ্বীপ,চনত ৰাজ আৰু দ্বীপজ্যোতিৰ সংগীতানুষ্ঠানৰে জীপাল হৈ উঠে বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চৌহদ।তদুপৰি আজিৰ সভাত উপস্থিত থাকে শিক্ষয়ত্ৰী হিমাক্ষী ভাণ্ডাৰ কায়স্থ,বিষয় শিক্ষক পৰশমনি কলিতা,শিক্ষক সঞ্জীৱ দাসকে প্ৰমূখ্যে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী তথা বিশিষ্ট গণ্য মান্য ব্যক্তি।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

Leave A Reply