Breaking

“সংবাদপত্ৰ আইনৰ উৰ্দ্ধত নহয় : আটাইতকৈ বেছি বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম”- দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মন্তব্য ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপৰ

0 46

মঙলদৈ, ১৬ নৱেম্বৰ : “সংবাদমাধ্যম আইনৰ উৰ্দ্ধত নহয় । আজিৰ দিনত আটাইতকৈ বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম । যিহেতু সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান প্ৰায় ৫৭ টা আইন প্ৰযোজ্য হয় । সংবাদসেৱীসকলে সংবাদ পৰিবেশনৰ বেলিকা এই কথা মনত নাৰাখিলে বহুক্ষেত্ৰত বিপদত পৰিব পাৰে”- এই মন্তব্য দেশৰ বিশিষ্ট সাংবাদিক, লেখক আৰু অসমৰ এগৰাকী ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপৰ । দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে । “সংবাদ মাধ্যমৰ ওপৰত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক অনুষ্ঠানত ভাগ লৈ তেওঁ লগতে কয় যে সাংবাদিকসকলে অতিৰঞ্জিত বাতৰি পৰিবেশনৰ পৰা আঁতৰি থাকি সত্য বাতৰি পৰিবেশন কৰিব লাগে । অসমৰ সংবাদক্ষেত্ৰখন অধিক শক্তিশালী কৰিবলৈ সাংবাদিকৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিবলৈ অনুৰোধ ।

Leave A Reply