ব্ৰাজিলৰ বিশ্বকাপ অভিযানৰ কৰুণ অন্তৰ সৈতে আন্তৰ্জাতিক ফুটবলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে তাৰকা ফুটবলাৰ নেইমাৰে৷ নৰৱেৰ হাতত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে ৩৪ বছৰীয়া এই তাৰকাগৰাকীয়ে নিজৰ ১৬ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ অন্ত ঘোষণা কৰে৷ বিশ্বকাপৰ এই গুৰুত্বপূৰ্ণ খেলখনৰ অন্তত চূড়ান্ত হুইচেল বজাৰ লগে লগে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি নেইমাৰ খেলপথাৰতেই কান্দোনত ভাঙি পৰে৷ সতীৰ্থসকলে তেওঁক সাbLনা দিয়াৰ চেষ্টা কৰে৷
পিছত সাংবাদিকৰ সন্মুখত তেওঁ কয়, ‘‘মই মোৰ সকলো দি চেষ্টা কৰিছো৷ মোৰ সাধ্য অনুসৰি শ্ৰেষ্ঠখিনি উজাৰি দিছো৷ কিন্তু এতিয়া সকলো শেষ৷ মোৰ যাত্ৰা য’ত আৰম্ভ হৈছিল, তাতেই শেষ হ’ল৷’’ ১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতেই ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তৰ্জাতিক অভিষেক ঘটিছিল৷ সেয়া আছিল এক গৌৰৱময় আৰম্ভণি আৰু একেই স্থানতে তেওঁৰ কেৰিয়াৰৰ অন্ত পৰাটো এক গভীৰ আৱেগিক মুহূৰ্ত হৈ পৰে৷ এই বিশ্বকাপত আঘাতগ্ৰস্ত অৱস্থাতেই অংশগ্ৰহণ কৰিছিল নেইমাৰে৷ সেইকাৰণে তেওঁ গ্ৰুপ পৰ্যায়ৰ প্ৰথম দুখন মেচ খেলিব নোৱাৰিলে৷ স্কটলেণ্ডৰ বিৰুদ্ধে পৰিৱৰ্ত হিচাপে খেলপথাৰত নামি পুনৰ ঘূৰি আহিছিল যদিও জাপানৰ বিৰুদ্ধে তেওঁ খেলিব নোৱাৰিলে৷ নৰৱেৰ বিৰুদ্ধে খেলখনতো তেওঁ পৰিৱৰ্ত হিচাপেই মাত্ৰ ৩৭ মিনিট সময় লাভ কৰে৷ খেলৰ শেষ মুহূৰ্তত পেনািŒI× স্পটৰ পৰা গ’ল দি ব্যৱধান হ্ৰাস কৰিছিল যদিও ব্ৰাজিলক জিকাবলৈ সেয়া যথেষ্ট নাছিল৷
এই পৰাজয়ে ব্ৰাজিলৰ ষষ্ঠ বিশ্বকাপ জয়ৰ সপোন পুনৰ এবাৰ ভাঙি পেলালে৷ ২০১০ চনত আন্তৰ্জাতিক অভিষেক কৰাৰ পিছত নেইমাৰে ব্ৰাজিলৰ হৈ ১৩০খন খেলত ৮০টা গ’ল কৰি দেশখনৰ ইতিহাসত সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়৷ তেওঁৰ নামত চাৰিটা হেট্ৰিকো অন্তৰ্ভুক্ত আছে৷ তেওঁ চাৰিটা বিশ্বকাপত অংশগ্ৰহণ কৰিছিল, যদিও বিশ্বকাপ জয়ৰ সপোন পূৰণ নহ’ল৷অলিম্পিক মঞ্চত তেওঁ ২০১২ চনত ৰূপৰ পদক আৰু ২০১৬ চনত সোণৰ পদক জিকিছিল৷ তদুপৰি ২০১৩ চনত ব্ৰাজিলক কনফেডাৰেচন কাপ জয় কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ আঘাত, ফৰ্মৰ উত্থান-পতন আৰু বিতৰ্কৰ মাজতো নেইমাৰে সদায় ব্ৰাজিলৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি আগবঢ়াই আহিছিল৷ যদিও বিশ্বকাপ জয় তেওঁৰ ভাগ্যত নাছিল, তথাপিও ব্ৰাজিলৰ ফুটবল ইতিহাসত তেওঁ এজন স্মৰণীয় আৰু কিছু পৰিমাণে ‘ট্ৰেজিক নায়কৰূপে’ চিৰদিনে অম্লান হৈ থাকিব৷

