Breaking

নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰৰ যুবক সকলৰ পানীত হাঁহ নচৰা অৱস্থা

0 1,080

নাই  মোমাইতকৈ কণা মোমাই সাৰ,  এই আপ্তবাক্য  শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ’নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ’নাৰ লকডাউনৰ সময় চোৱাত  প্ৰায় সংখ্যক লোকৰ একাউণ্টত ৫০০ শ টকা দিয়াৰ উপৰিও বিনামূলীয়া চাউল আৰু চৰকাৰী কৰ্মচাৰী সকলৰ পৰাও কিছু সাহাৰ্য্য আগবঢ়োৱা হৈছিল । কিন্তু এইবেলি  বিগত বছৰৰ তুলনাত বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ মাজত খাদ্য সংকটে দেখা দিছে । বিশেষকৈ নৈশ বাছৰ টিকট কাউন্টাৰত থকা যুৱক,যুৱতী সকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে ৰৌতা, ধনশ্ৰীঘাট আৰু ওৰাঙত কেইবাটাও নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰ আছে । কাউন্টাৰত টিকট বিক্ৰী নামত নিয়োজিত হৈ থকা বহু যুবক যুৱতীয়ে ইযাৰ পৰা কিছু অংশ লাভ কৰি পৰিয়ালক  পোহ পাল দি অহাৰ লগতে নিতৌ ব্যৱহাৰ্য্য সামগ্ৰী কিনি কোনো মতে যোৰা তাপলি মাৰি চলিছে যদিও এতিয়া দীৰ্ঘ দিন ধৰি নৈশ বাছ বন্ধ হৈ পৰাত তেওঁলোকৰ  অৱস্থা  পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে ।তেওঁলোকৰ পৰিয়াললৈ নামি আহিছে  ঘোৰ অন্ধকাৰ ।ৰুদ্ধ হৈ পৰিছে যুবক, যুবতী সকলৰ জীৱন আৰু জীৱিকাৰ গতি পথ । কেবল নৈশ  বাছ সেৱাৰ টিকট বিক্ৰী কৰা যুৱক যুৱতী সকলৰে তথৈবচ অৱস্থা নহয ।অনুৰূপ ধৰনেৰে চেলুন, দৰ্জী, ধোৱা, মচি,  প্ৰেছ,  ক্ষুদ্ৰ ক্ষুদ্ৰ  ব্যৱসায়ী প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা যুবক যুবতী সকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। গতিকে এইসকল ব্যৱসায়ত জড়িত হৈ থকা যুৱক যুৱতী সকলে আৰ্থিক সাহাৰ্য্যৰ বাবে    চৰকাৰৰ মুখলৈ বাদ চাই আছে ।

Leave A Reply