Breaking

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব নিখাট জাৰীণ আৰু লাভলিনা বৰগোহাঁই…

0 87


আজি দিল্লীত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নামিব লাভলিনা বৰগোহাঁই।শনিবাৰে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ নিতু ঘাংঘাছ আৰু সাৱীতীয়ে স্বৰ্ণ পদক লাভ কৰাৰ এদিন পিছতে দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত আজি ভাৰতৰ হৈ স্বৰ্ণ পদক লাভৰ বাবে লাভলিনা বৰগোহাঁই নামিব খেলত। কমনৱেলথ গেমছ ২০২২ৰ পদক বিজয়ী নিটুৱে (৪৮ কেজি) মংগোলিয়াৰ লুটছাইখান আলটানচেচেগক ৫-০ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰাৰ পাছত ৩ বাৰৰ এছিয়ান পদক বিজয়ী ছাৱেটি (৮১ কেজি)য়ে চীনৰ ৱাং লিনাক পৰাস্ত কৰি আন এক সোণৰ পদক লাভ কৰে।

দেওবাৰে নিখাটে ৫০ কেজি ফাইনেলত দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামৰ বিৰুদ্ধে খেলিব। যদি নিখাত জয়ী হয় তেন্তে সেয়া হ’ব তেওঁৰ বিশ্ব চেম্পিয়নশ্বিপত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক। টকিঅ’ অলিম্পিকৰ পদক বিজয়ী লাভলিনাই কমনৱেলথ গেমছত দুটাকৈ সোণৰ পদক লাভ কৰা অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰৰ বিৰুদ্ধে খেলিব। দুয়োগৰাকীয়ে লাভ কৰিব নে সোণৰ পদক সেয়া হ’ব সময়ত লক্ষণীয়।

Leave A Reply