Breaking

বিশ্বনাথ জিলাৰ বিহালীত ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ সন্থাৰ ধৰ্ণা

0 2,046

আজি নিখিল ভাৰত ছাত্ৰ সন্থাই শেহতীয়াকৈ বিজেপি চৰকাৰে ভেঞ্চাৰ স্কুল সমূহ বন্ধ কৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত  বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিহালীৰ কেইবাখনো ভেঞ্চাৰ স্কুল সমূহৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰগাও চাহ বাগিছাৰ খেলপথাৰৰ পৰা দুই কিলোমিটাৰ পথ সমদল কৰি প্ৰতিবাদকাৰী সকল বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ শিক্ষা বিষয়া গৰাকীৰ জৰিয়তে অসম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সঞ্চালকালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰত উল্লেখ যে, বিদ্যালয় প্ৰাদেশিকৰণৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰে ৩৭০০ খন ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত টুংবাৰী প্ৰাথমিক বিদ্যালয়,বৰঝাৰণি বঙালী প্ৰাথমিক বিদ্যালয়, জ্যোতিৰ্ময় প্ৰাথমিক বিদ্যালয়,ৰামধন প্ৰাথমিক বিদ্যালয়, লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়, জংঘলবস্তী প্ৰাথমিক বিদ্যালয়, আনন্দৰাম প্ৰাথমিক বিদ্যালয়,শংকৰজ্যোতি প্ৰাথমিক বিদ্যালয়,যশৰানী দেৱান মধ্য ইংৰাজী বিদ্যালয়,শলমাৰী মধ্য ইংৰাজী বিদ্যালয়,মিজিকা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, চেৰেলীয়া মধ্য ইংৰাজী বিদ্যালয়, বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়, মহানন্দ শৰ্মা মধ্য ইংৰাজী বিদ্যালয়,মকবুল হুচেইন মধ্য ইংৰাজী বিদ্যালয়কে ধৰি ১৫ খনতকৈ অধিক প্ৰাধমিক আৰু মজলীয়া বিদ্যালয় আছে।

এই বিদ্যালয় সমূহত পাচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ২৫-৩০ বচৰ ধৰি শিক্ষা গ্ৰহণ কৰি আহিছে। এই বিদ্যালয় সমূহ প্ৰাদেশিকৰণ নকৰি চৰকাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলক আন চৰকাৰী বিদ্যালয়ত নিযুক্তি দিছে। তাৰে বহুতো শিক্ষকক শিক্ষা গুৰুৰ মৰ্যদা দিয়াৰ সলনি টিউটৰ হিচাপেহে ঠিকাভিত্তিক নিযুক্তি দিছে। যি সকল শিক্ষকে চৰকাৰৰ নিৰ্দেশনা অনুসৰি ডি এল ই ডি পৰীক্ষাত উত্তীৰ্ণ হোৱাকে ধৰি বিভিন্ন প্ৰশিক্ষণ লব লগা হৈছিল। এতিয়া তেওঁলোকৰ জ্যেষ্ঠতাক মান্যতা নিদি টিউটৰ হিচাপে নিয়োগ কৰি চৰম অপমান কৰিছে।

বচৰ বছৰ ধৰি বিনা বেতনে শিক্ষা দানত নিযুক্ত শিক্ষক সকলক নিজৰ ন্যায় সংগত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে বিহালীৰ পাচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন ধ্বংসৰ গৰাহত পৰিছে। ৰাইজে গাঠিৰ ধন ভাঙি স্কুল সমূহ স্থাপন কৰি নিজৰ সন্তান সকলক শিক্ষাগ্ৰহণৰ ব্যৱস্থা কৰিছিল আৰু আশা কৰিছিল চৰকাৰে স্কুল সমূহ প্ৰাদেশিকৰণ কৰি সেই স্কুলতে শিক্ষক সকলক স সন্মানে নিযুক্তি দি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিব। চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ পৰীপন্থী আৰু জনবিৰোধী।

চৰকাৰে ৰাইজে কষ্ঠ আৰু পৰিশ্ৰমৰে গঢ়া বিদ্যালয় সমূহ বন্ধ কৰা নিৰ্দেশনা বাতিল কৰা, বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা অনুষ্ঠান ধ্বংস কৰিব বিচৰা নীতি বন্ধ কৰা, শিক্ষাৰ অধিকাৰ আইন ২০০৯ কঠোৰ ভাৱে ৰূপায়ন কৰা,কেৱল পদ প্ৰাদেশিকৰণ নহয় স্কুল সমূহ প্ৰাদেশিকৰণ কৰি সেই বিদ্যালয়তে শিক্ষক কৰ্মচাৰী সকলক নিযুক্তি দি আন শিক্ষক সকলৰ সমাহাৰত দৰমহা দিয়া, দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰা আদি দাবী সমূহ স্মাৰক পত্ৰত সন্নিবিষ্ট কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচী  নিখিল ভাৰত ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, উপ সভাপতি জ্যোতি প্ৰকাশ বৰা,ৰাজ্যিক সম্পাদক ধনঞ্জয় দাস,অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ লক্ষ্মীকান্ত কুৰ্মী আৰু চিপিআই(এম-এল) দলৰ বিশ্বনাথ জিলা সম্পাদক অনন্ত হাজৰিকাই নেতৃত্ব দিয়ে।

Leave A Reply