Breaking

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

0 1,602

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাট

ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও  যিকোনো কামত হেঙাৰ হ’ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰীয়ে৷নিলাক্ষী বৰা নামৰ ছাত্ৰীগৰাকীয়ে আৰ্থিক দৈন্যতাকো প্ৰত্যাহ্বান হিচাপে লৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা উজলি উঠিবলৈ সক্ষম হৈছে৷দৰিদ্ৰতাৰ বাবেই আন হাজাৰজন ছাত্ৰ ছাত্ৰীয়ে ঘৰৰপৰা লাভ কৰা নতুবা পোৱা সুবিধাৰ বিপৰীতে নিলাক্ষীয়ে পোৱা নাছিল তেনে সুবিধা৷কৃষক পিতৃয়ে ছাগলী পোহপালন কৰি বিক্ৰী কৰা লাভৰ টকাকেইটাৰে নিলাক্ষীক পঢ়াৰ সামান্য সুবিধা কৰি দিয়াৰ উপৰিও পৰিয়ালটোও পোহপাল দিবলগা হৈছিল৷কিন্তু প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই ঘৰৰ সকলো কাম কাজত সহযোগ কৰিও সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.৮ শতাংশ নম্বৰসহ ডিষ্টিংচন লাভ কৰি নিলাক্ষীয়ে প্ৰমাণ কৰি দেখুৱালে যে পঢ়াশুনাৰ দিশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰা নিলাক্ষীৰ এই ফলাফলে কেৱল অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাই নহয় দৰিদ্ৰ পিতৃ মাতৃৰ চকুতো আনন্দৰ বন্যা দেখা পোৱা গৈছে৷কিন্তু ভৱিষ্যত শিক্ষা জীৱণৰ দিশটোত আগুৱাই যোৱাত ক’ৰবাত নিলাক্ষীয়ে উজুতি খাবলগীয়া হ’ব পাৰে নেকি৷কিয়নো নিলাক্ষীয়ে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যতলৈ এগৰাকী অধ্যাপিকা হোৱাৰ মন৷যাৰবাবে প্ৰচুৰ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন আৱশ্যম্ভাৱী৷দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী নিলাক্ষীক যদি কোনো সদাশয় লোকে এতিয়াৰপৰাই অধ্যয়নৰ দিশটোত সহায় কৰে তেন্তে ছাত্ৰীগৰাকীৰ সপোন বাস্তৱ ৰূপ পোৱাত কিছু সহায়ক হ’ব বুলিয়েই আশা কৰিব পাৰি৷সি যি কি নহঁওক আৰ্থিক দৈন্যতাকো নেঁওচি ঘৰুৱা কামৰ মাজতে পঢ়াৰ দিশটোক সময়মতে বৰ্তাই ৰাখি মেধাৱী ছাত্ৰী নিলাক্ষীয়ে কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই সফলতাই গৌৰৱাম্বিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মৰণাকুৰি গাঁওবাসীক৷জোন বৰা , জামুগুৰিহাট ।

  • যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 
Leave A Reply