Breaking

সাপকাটা আৰক্ষী আৰু সৰাইবিল আৰক্ষীৰ যৌথ অভিযানত ৯ টা চোৰাং গৰু জব্দ

0 1,562

ৰাজ্য চৰকাৰে গো- সুৰুক্ষা আইন ২০২১ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো গো-সুৰুক্ষা আইন ভংগ কৰি গোপনভাৱে পশ্চিম বংগৰ পৰা অসম অভিমুখে আৰক্ষীৰ চকুত ধুলি দি গৰু সৰ্বৰাহ অব্যাহত ৰাখিছে এচাম দুষ্ট চক্ৰই। গোপন সুত্ৰৰ ভিক্তিত আৰক্ষীয়ে অভিযান চলাই ৯টা গৰু জব্দ কৰে । সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতা আৰু সৰাইবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিজানুৰ ৰহমানে যৌথ অভিযান চলাই যোৱাকালি বিয়লি ৫ মান বজাত ৯ টা গৰু জব্দ কৰে।

গৰু সমুহ চোৰাং পথেৰে কঢ়িয়াই আনি ভাৰত ভূটান সীমান্তৰ চৌধুৰীঘাট সোণকোষ নদীৰ সমীপত থকা গভীৰ জংগলত বান্ধি ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।পিছত গৰু সমুহ জব্দ কৰি সৰাইবিল আৰক্ষী চকীত আনে। চোৰাং গৰুৰ সৰবৰাহকাৰীক আটক কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।

Leave A Reply