Breaking

বৰভাগৰ ছহিদ ভৱনত নৱম, দশম শ্ৰেণীৰ পাঠদান কাৰ্যসূচী

0 85

নলবাৰী

ক’ৰোনা মহামাৰীৰ ফলত দেশত চলি থকা লকডাউনৰ সময়খিনিত গ্ৰাম্য অঞ্চলত বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এন্ড্রয়ড মোবাইল উপলব্ধ নহয়। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলৰ মাজত থাকিলেও বিশেষকৈ বহুত অঞ্চলত দিনৰ ভাগত আৰু গধুলি নেটৱৰ্ক ব্যৱস্থা মানে পানীত হাঁহ নচৰা অৱস্থা, য’ত অনলাইন পাঠদানো এক সাঁথৰ যেন। তেনে এক পৰিস্থিতিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত সকাহ দিয়াৰ উদ্দেশ্যৰে আজি বৰভাগৰ ছহিদ ভৱনত দহ বজাৰ পৰা স্বেচ্ছাসেৱী  সংস্থা ‘সন্ধান’ৰ উদ্যোগত আৰু বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতি, শ্বহীদ ভৱন পৰিচালনা সমিতি আৰু প্ৰতাপ-পদুমী গ্ৰাম্য পুথিভঁৰালৰ সহযোগত সামাজিক দূৰত্ব বজাই ৰাখি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হয়। পাঠদান কাৰ্যত মুখ্য পৰিচালক বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ উপদেষ্টা শিক্ষক  কুলেশ চন্দ্ৰ ডেকাই দেওবাৰে পাঠদান কাৰ্য সূচনা কৰে। গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ সাধাৰণ সম্পাদক তাজিমউদ্দিন আহমেদে। উদ্যোক্তাসকলে শীঘ্ৰে দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰিব বুলি জানিব দিয়ে। পাঠদান কাৰ্য আৰম্ভণি হোৱাৰ আগতে শুভেচ্ছা জ্ঞাপন কৰিবলৈ শ্বহীদ ভৱনত উপস্থিত হয়, বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক জয়কৃষ্ণ গোস্বামী, বৰভাগ প্ৰেছ ক্লাবৰ সম্পাদক হিমজ্যোতি ভূঞা, সহকাৰী সম্পাদক পংকজ কলিতা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্ত, শ্বহীদ ভৱন পৰিচালনা সমিতিৰ সভাপতি দিবাকৰ কলিতা,  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ কলিতা, সন্ধানৰ সক্ৰিয় সদস্য জীয়াউল ৰহমান, পাৰবিন চুলতানা আৰু প্ৰীতম লহকৰে। লকডাউনৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিবলৈ  ‘সন্ধান’ৰ লগতে অইন সহযোগী সংস্থা কেইটাৰ প্ৰচেষ্টাক ৰাইজে ভূয়সী প্ৰশংসা কৰে। লকডাউনৰ অন্ত নপৰালৈ সামাজিক দূৰত্ব বজাই ৰাখি নিৰ্দিষ্ট পৰিমানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই পাঠদান কাৰ্য অব্যাহত থাকিব। উল্লেখযোগ্য যে ২নং সোণকুৰিহাস্থিত  প্ৰতাপ-পদুমী গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত আৰু সন্ধানৰ সহযোগত নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী শৈক্ষিক পাঠ্যক্ৰমৰ সহায়ক হোৱাকৈ এক হুৱাটএপ গ্ৰুপ পুথিভঁলৰালটোৰ পৰিচালক কুলেশ চন্দ্ৰ ডেকা আৰু তাজিমউদ্দিন আহমেদৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰা হৈছে।

Leave A Reply