Breaking

নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

0 103

গুৱাহাটী- মহানগৰীৰ গুৱাহাটী ক্লাৱস্হিত নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক চেন্টাৰ ফৰ পাৰফৰ্মিঙৰ নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহত শুকুৰবাৰে “নীৰেন বৰুৱা সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা হয়৷ গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত বিগত কেইবাবছৰ ধৰি আয়োজিত হৈ অহা প্ৰতিযোগিতাখনত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ বহু আবৃত্তিকাৰে অংশগ্ৰহণ কৰে৷

উল্লেখযোগ্য যে ১৯৬০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰায় চাৰিটা দশক ধৰি অসমৰ আকাশ-বতাহ সোণালী কন্ঠৰে মুখৰিত কৰি ৰখা আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰে এগৰাকী সন্মানীয় সদস্য, বিশিষ্ট শিল্পী- পৰিচালক তথা অল ইণ্ডিয়া ৰেডিঅ’ৰ নিউজ ৰীডাৰ প্ৰয়াত নীৰেন বৰুৱাৰ স্মৃতিত এই প্ৰতিযোগিতাখনি প্ৰতিবছৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগতে আয়োজিত হৈ আহিছে৷

১৯৯৯-২০০১ চনলৈ এগৰাকী প্ৰতিভাৱান মঞ্চ পৰিচালক আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হৈ থাকিও প্ৰয়াত বৰুৱাই “সময়”, “সৰাপাতত বসন্ত”, “ঘৰ”, “মকৰা জাল”, “আবেলিৰ ৰ’দ”কে ধৰি বহু নাটক পৰিচালনা কৰিছিল৷ অতি জনপ্ৰিয় অনাতাঁৰ নাটক “সুৰ”, “বৰুৱাৰ সংসাৰ”, “সপোন সন্ধ্যা”, “বিৰিণা পাতৰ আঙুঠি” আদি অসংখ্য নাটকত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ অসমৰ চলচ্চিত্ৰ জগতলৈও নীৰেন বৰুৱাৰ উল্লেখযোগ্য অৱদান আছিল৷ সহকাৰী পৰিচালক হিচাপেও (তেওঁৰ স্বনামধন্য জ্যেষ্ঠ ভ্ৰাতৃ প্ৰয়াত নিপ বৰুৱা) তেওঁৰ উল্লেখনীয় ভূমিকা আছিল৷ “সোনমা”, “আজলি নবৌ”, “এন্হনী মোৰ নাম ”, “শকুন্তলা  আৰু শংকৰ জোচেফ আলী” আৰু “আই মোৰ জনমে জনমে”ত তেওঁ সহকাৰী পৰিচালক হিচাপে বৰুৱাই অৱদান আগবঢ়োৱাৰ লগতে “মুকুতা”, “সোণতৰা”, বৰুৱাৰ  সংসাৰ ” আদি চলচ্চিত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ ২০২৩ বৰ্ষৰ বাবে আয়োজন কৰা এই সন্মানীয় প্ৰতিযোগিতাখনত আঁত ধৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্য দেৱজিৎ মজুমদাৰে৷ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই আদৰণি ভাষন প্ৰদান কৰে৷

প্ৰতিযোগিতাখন উদ্বোধন কৰে সংঘৰ সভাপতি অজয় কুমাৰ দত্তই৷ প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰখ্যাত আবৃত্তিকাৰ অবনী বৰা, উপম শইকীয়া আৰু চিন্ময়ী গোস্বামী৷

বাইশ গৰাকী প্ৰতিযোগীয়ে  অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰিয়া ভট্টাচাৰ্য, দ্বিতীয় পুৰস্কাৰ ঝুনা কঙ্কন ভূঞা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে অংকিতা গোস্বামীয়ে৷ শ্ৰুতি মেধি, মৃদুল দাস আৰু কৰিস্মা বেগমকো বিচাৰকৰ বিশেষ বঁটাৰে সন্মানিত কৰা হয়৷ প্ৰতিযোগিতাৰ শেষত বিচাৰকসকলে নিজৰ মতামত ব্যক্ত কৰি কয় যে আবৃত্তি কৰিবলৈ হ’লে কবিতাৰ প্ৰতি প্ৰেম, বাকপটুতা, আৰু অনুশীলন একান্তই প্ৰয়োজনীয়৷

অনুষ্ঠানৰ শেষত মুখ্য অতিথিৰূপে উপস্থিত থকা বিশিষ্ট শিল্পী, অভিনেতা আৰু আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়াই বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে সকলো অংশগ্ৰহণকাৰীকে প্ৰশংসা কৰে৷ শেষত নিউ আৰ্ট প্লেয়াৰ্ছৰ উপসভানেত্ৰী মল্লিকা বৰুৱাই বটা বিতৰণী সভাৰ আঁত ধৰে আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়৷

প্ৰেৰকঃ ৰথিন্দ্র নাৰায়ন ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক, নিউ আৰ্ট প্লেয়াৰ্চ গুৱাহাটী।

Leave A Reply