Breaking

ক’ৰোনাৰ টীকা নহা পৰ্যন্ত সতৰ্কতা অৱলম্বনৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

0 1,286

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ মাজতে আগষ্ট মাহৰ ‘মন কি বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল, দো গজ দূৰি, মাস্ক জৰুৰী’ ৷ আনহাতে শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘যব তক দাৱাই নহি, তব তক ঢিলাই নহি’ ৷ অৰ্থাৎ যিমান দিন পৰ্যন্ত ক’ভিড-১৯ প্ৰতিৰোধত কাৰ্যকৰী ঔষধ নাহে সতৰ্কতা বিন্দুমাত্ৰ ঢিলাই দিয়াটো নচলিব ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাত গৃহহীনৰ বাবে এক লাখ ৭৫ হাজাৰ ঘৰ নিৰ্মাণ কৰিছে মধ্যপ্রদেশ চৰকাৰে ৷ এই উপলক্ষে আজি ভাৰ্চুৱেল গৃহ প্ৰৱেশ অনুষ্ঠানত বক্তৃতা প্ৰদাল কৰে মোডীয়ে ৷ তাতে তেওঁ দুগজ শাৰীৰিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধাৰ সতৰ্কতাৰ কথা কয় ৷ এক ছেপ্টেম্বৰৰ পৰা দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ আনলক প্ৰক্ৰিয়া ৷ খাদ্যৰ বাবে পথত ভিৰ বাঢ়িছে ৷ আগত আহি আছে দুৰ্গা পূজা, দছেৰা, দীপাৱলী উৎসৱ ৷ কিন্তু এতিয়াও ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই ৷ নিতৌ নতুন সংক্ৰমণ হৈ আছে ৷ এই সময়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ক’ভিড-১৯ সংক্ৰমণৰ সতৰ্কতা বৰ্তাই ৰখাৰ পৰামৰ্শ দিয়ে ৷ ভাৰতে ক’ৰোনাৰ টীকা প্ৰস্তুত কৰিবলৈ অন্তত সাতটা পৃথক গৱেষণা কৰিছে ৷ ভাৰত বায়’টেক, ছিৰাম ইনষ্টিটিউট, জাইডাছ কেডিলা, পেনাচিয়া বায়’টেক, ইণ্ডিয়ান ইমিউন’লজীকেল, মাইনভেক্সৰ দৰে কোম্পানীয়ে এই উদ্দেশ্যে কাম কৰিছে ৷ আইচিএআৰৰ সহায়ত ভাৰত বায়’টেকে প্ৰস্তুত কৰা সম্ভাব্য ক’ৰোনা টীকা কোভেক্সিন মানৱ দেহত ক্লিনিকেল ট্ৰায়েল হৈছে ৷ ক’ৰোনা টীকাৰ সাফল্য কেতিয়া হ’ব সেই বিষয়ে সুনিৰ্দিষ্ট বাৰ্তা এতিয়াও পোৱা নাই ৷

Leave A Reply