Breaking

ওদালগুৰি,ৰৌতা,মাজবাট,ওৰাঙত নাই দুৰ্গা পূজাৰ উৎসাহ: মৃৎশিল্পী সকলক সাহাৰ্য প্ৰদান কৰাত অৱহেলা চৰকাৰৰ

0 2,035

দুৰ্গাপূজা যদিও এতিয়ালৈকে  মৎশিল্পী সকলৰ আগৰদৰে নাই কোনো উৎসাহ উদ্দীপনা।ক’ৰোনা মহামাৰীয়ে দুবছৰ ধৰি জুৰুলা কৰি আৰ্থিকভাৱে দূৰ্বল কৰি তুলিছে।য’ত চৰকাৰে এতিয়ালৈকে মৃৎশিল্পীৰ প্ৰতি কোনো আঁচনি গ্ৰহন কৰা নাই এই  ক্ষোভ মৃৎ শিল্পী সকলৰ।
এই সন্দৰ্ভত ওদালগুৰি চহৰৰ অৰ্পিতা শিল্পালয়ৰ মৃৎশিল্পী গোপাল সাহাই  আক্ষেপ প্ৰকাশ কৰি কয়- কডিভ’১৯ৰ সময়ৰ পৰাই আমি মৃৎশিল্পী সকল ক্ষতিগ্ৰস্ত হৈ পৰিছো।বিশ্বকৰ্মা পূজা আদিকে ধৰি আন পূজা সমূহত প্ৰায় ২০/৩০ তকৈও অধিক মূৰ্ত্তিৰ অৰ্ডাৰ লাভ কৰো যদিও এতিয়ালৈকে দুৰ্গা পূজাৰ মূৰ্ত্তিৰ বাবে মাত্ৰ ৬ টাৰহে অৰ্ডাৰ লাভ কৰিছো।মই ৭০দকৰ  পৰাই ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তৰ লক্ষী পূজা,স্বৰসতী পূজাকালি পূজা, বিশ্বকৰ্মা আদিকে ধৰি বিভিন্ন পূজাৰ মূৰ্ত্তি নিৰ্মাণ কৰি পৰিয়াল ভৰণ পোষন দি আহিছো  যদিও এতিয়া সেই দিন নাই আৰু কৰুণা মহামাৰীৰ বাবে  ব্যৱসায়ীও কমি গৈছে।।আনহাতে সকলো বয় বস্ত আদিৰ মূল্য বৃদ্ধিৰ ফলত পৰিয়াল চলোৱাত কষ্টকৰ হৈ পৰিছে।সেয়ে চৰকাৰে মৃৎশিল্পী সকলৰ জীৱন ধাৰণৰ কথা চিন্তা কৰি সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি বাৰে বাৰে কৈ অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়া কাৰ্যই মৃৎ শিল্পী সকলক অৱহেলাত কৰাহে দেখা গৈছে।সেয়ে জিলাখনৰ ৰৌতা,ওৰাং,মাজবাটৰ চৰকাৰে মৃৎ শিল্পী সকলক আৰ্থিক সহায় আগবঢ়োবলৈ শিল্পী সকলে চৰকাৰক আহ্বান জনাইছে ৷

Leave A Reply