Breaking

খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ, কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনপ্ৰতিনিধিৰ

0 925

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-পলাহৰটাৰী অঞ্চলত দেখা দিছে ভয়াৱহ জলসংকট । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোত খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অগভীৰ নলীনাদ অথবা ছেল মেচিনৰ চলোৱাৰ বাবে ভু-গৰ্ভস্থ পানীৰ স্তৰ নিম্নগামী হোৱাত অঞ্চলটোৰ দমকলৰ পৰা পানী ওলোৱা বন্ধ হৈ পৰিছে।

উপায়বিহীন হৈ পথাৰৰ এচুকত খাল খান্দি কোনোমতে গয়াই গোটাইছে দিনটোৰ খোৱা-ধোৱা পানীখিনি। কেইদিনমান পিছত এই সমস্যা আৰু ভয়ানক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নথকা নহয়। নগৰবেৰাৰ খামেৰী, পলাহৰটাৰী, কল্যাণপুৰ, অদলা আদি অঞ্চলত প্ৰতি বছৰে এনে সময়ত ধাৰাসাৰ বৰষুণ নোহোৱাকৈ পানীৰ অভাৱ ঘটি আহিছে।

উল্লেখ্য যে অঞ্চলটোত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনি কেন্দ্ৰ স্থাপন কৰিছে যদিও আঁচনিসমূহ  বিকল হৈ থকাত ৰাইজে পানী যোগানৰ পৰা বঞ্চিত হব লগা হৈছে। চৰকাৰে লক্ষ্য লক্ষ টকা খৰচ কৰি নিৰ্মাণ কৰা এইসমূহ আঁচনি ৰাইজক আভুৱা ভৰাই থকাৰ বাহিৰে আন একোৱেই নহয় বুলি ৰাইজে মন্তব্য কৰিছে।

বিগত কেইবা বছৰ ধৰি অঞ্চলটোত খোৱা পানীৰ নাটনি সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে বাতৰি প্ৰকাশ পোৱাৰ পিছতো সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভোক্তভোগী ৰাইজে। পানীৰ হাহাকাৰৰ বাবে ভোক্তভোগী ৰাইজে বিধায়িকা নন্দিতা দাসক ধিক্কাৰ দিয়ে আৰু এই সমস্যা সমাধান নকৰিলে সমাগত বিধান সভাৰ নিৰ্বাচনৰ ভোট নিদিয়ে বুলি ক্ষোভ প্ৰকাশ কৰে।

বছৰে বছৰে হোৱা খোৱা পানীৰ নাটনি দুৰ কৰাৰ বাবে পানী যোগান আঁচনি কেন্দ্ৰসমূহ কাৰ্যক্ষম কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্থানীয় বিধায়িকা নন্দিতা দাস, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে অঞ্চলটোত খোৱা পানীৰ যোগান ধৰাৰ দাবী জনাইছেে ভোক্তভোগী ৰাইজে।

Leave A Reply