Breaking

মুখত নাই মাস্ক, নামানে কোনেও সামাজিক দূৰত্বৰ নিৰ্দেশনা : গাত গা লগাই ৰাইজৰ, বজাৰত আড্ডা, একেডাল বিড়িকেই হুপিছে, একাধিকে হোটেল-ৰেষ্টুৰেণ্টত মাস্ক-হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক বিলাইছে খাদ্য সামগ্ৰী ।

0 659

ননৈ : কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি, বজাৰত বিৰাজ কৰিছে ভয়ংকৰ পৰিৱেশৰ। জিলা খনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি, তিনিআলি, বজাৰ সমূহৰ কথাটো বাদেই নগাঁও চহৰতো মানুহৰ মুখৰ পৰা অদৃশ্য হৈ পৰিছে মাস্ক। ঠিক একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নিৰ্দেশনা। বজাৰ সমূহত একাংশ লোকে গাত গা লগাই আড্ডা মৰা দৃশ্য সুলভ হৈ পৰিছে। আনকি সংখ্যালঘু অধ্যূষিত একাংশ অঞ্চলত একেডাল বিড়িকে একাধিক লোকে হুপাও পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন নগৰ-চহৰ, গ্ৰাম্যাঞ্চলত বজাৰ সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা প্ৰায় নৱৈ শতাংশ লোকেই মুখত মাস্ক নিপিন্ধে।মাস্ক পিন্ধা একাংশ লোকে নাক ওলিয়াই, একাংশই থুতৰিত মাস্ক পৰিধান কৰাটো আমোদজনক বিষয় হৈ পৰিছে। সেইদৰে, হোটেল-মিঠাই বিপনী,চাটহাউছ,ৰেষ্টুৰেণ্ট আদিত মুখত মাস্ক আৰু হাতত হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক চেলছ মেন সমূহে বিলাইছে খাদ্য সামগ্ৰী ৷ ইপিনে, জিলাখনত সামাজিক দূৰত্বৰ নিৰ্দেশনা ধোঁৱা চাঙত উঠিছে। বজাৰ সমূহ, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ফাৰ্মাচীত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই সামগ্ৰী ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে। তাৰোপৰি, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বেংক, বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নিৰ্দেশনা। বেংকৰ ভিতৰতো এনে কেতবোৰ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুতৰীতহে মাস্ক থাকে। নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি এই লোক সকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নিৰ্দেশনাক গুৰুত্বহীন কৰি অন্য লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ।ইপিনে, ৰাজপথত থু-খেকাৰ পেলোৱাটো এক চৰকাৰী নিৰ্দেশ যোগে নিষিদ্ধ কৰা হৈছে যদিও নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনত এই নিৰ্দেশাৱলী অসাৰ প্ৰতিপন্ন হৈছে।আন ঠাইৰ কথাটো বাদেই নগাঁও চহৰতেই ৰাজপথৰ বিভিন্ন অংশ তামোলৰ পিকৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে।

Leave A Reply