Breaking

গুৱাহাটীলৈ ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা : এতিয়াও দোকান-পোহাৰ, উদ্যোগ-বাণিজ্য তথা কৰ্মক্ষেত্ৰৰ পথ সূচল হোৱা নাই ।

0 50

গুৱাহাটী

আঢ়ৈ মহীয়া কঠোৰ লকডাউনৰ পিছত পঞ্চমবাৰলৈ যোৱা পহিলা জুনৰ পৰা এমহীয়া লকডাউন পুনৰ বৰ্তি আছে। এইবাৰ অৱশ্যে পূৰ্বতকৈ বহু ক্ষেত্ৰত শিথিলতা পৰিলক্ষিত হৈছে। স্বাভাৱিক জীৱন যাত্ৰা তথা আয়ৰ নিয়মীয়া পথ ঘূৰাই আনিবলৈ এনে শিথিল পৰিস্থিতিৰ প্ৰতি চৰকাৰে অনুমতি প্ৰদান কৰিছে। তথাপি গুৱাহাটীত সূদুৰ পৰাহত হৈ পৰিছে ৰপ্ত মাৰ্চৰ পূৰ্বৰ স্বাভাৱিক জীৱন যাত্ৰা। সাধাৰণতে গুৱাহাটী মহানগৰ স্থায়ীভাৱে ৰপ্ত-চ্ঙ্ম লক্ষাধিক লোকে বসবাস কৰে। মহানগৰখনলৈ নিতৌ বিভিন্ন কাৰণত অন্য দহ লক্ষাধিক লোকৰ আগমণ হয়। অৱশ্যে দিনৰ ভাগত এইসকল লোক মহানগৰ ব্যস্ত তথা উপস্থিত থাকিলেও বিয়লিৰ পিছত পুনৰ গুৱাহাটী এৰি নিজৰ ঘৰ বা গন্তব্য স্থানলৈ গুচি যায়। ফলত ত্ৰিশ লক্ষাধিক লোকৰে গমগমীয়া হৈ থাকে উত্তৰ পূবৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰ। কিন্তু নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনৰ সময়ৰ পৰাই যোৱা ডিচেম্বৰ মাহতে গুৱাহাটীত কালিকা লাগিছিল। কেবাদিনো সান্ধ্য আইনৰ কৱলত থকা ৰং বিৰঙৰ গুৱাহাটী মহানগৰ তেনেই সেমেকি আৰু অনুজ্জল হৈ পৰিছিল। তেতিয়াৰ পৰাই মূৰ দাঙি উঠিবলৈ চেষ্টা কৰা গুৱাহাটী একেবাৰে বিধবস্ত হৈ গ’ল পাৰ হৈ যোৱা আঢ়ৈমহীয়া লকডাউনৰ সময়ছোৱাত। ওচৰৰ নলবাৰী, কামৰূপ গ্ৰাম্য, ৰঙিয়া, মৰিগাঁও, নগাঁও, বৰপেটা, বঙাইগাঁও, মঙলদৈ, ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আদিৰ পৰা দৈনিক অহা-যোৱা কৰি গুৱাহাটীত বহুতেই চৰকাৰী-বেচৰকাৰী চাকৰি, ব্যৱসায়, সংস্থাপন আদিৰে নিজকে নিয়োজিত কৰিছিল। ইয়াৰ বিপৰীতে যোৱা চ্চ্ মাৰ্চৰ জনতাৰ সান্ধ্য আইনৰ ফলত গুৱাহাটী এৰি ঘৰমুখী হৈছিল অধিকাংশ ওচৰ চুবুৰীয়া জিলাৰ পৰা অহা লোকসকল। ইয়াৰ পিছত চ্চ্ছ্ৰ মাৰ্চৰ সন্ধিয়াৰ পৰা আজি পৰ্যন্ত বলবৎ থকা ধাৰাবাহিক কলডাউনৰ বাবে চুবুৰীয়া অঞ্চলৰ লোকসকলে গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই। ফলত ব্যৱসায় বাণিজ্যৰ লগতে এই লোকসকলৰ নিজৰ নিজৰ আয়ৰ শূন্যৰ দিশলৈ গতি কৰিছে। বৰ্তমান আনলক-ৰ ঘোষণা কৰি পঞ্চম লকডাউন বলবৎ কৰা হৈছে যদিও গুৱাহাটী মহানগৰ সংস্থাপন, নিয়োজন, নিযুক্তি, ব্যৱসায়-বাণিজ্য তথা ভিন ভিন কৰ্মক্ষেত্ৰ চূড়ান্তভাৱে সংকোচিত হৈ শূন্যৰ দিশলৈ গতি কৰিছে। যাৰ বাবে আনলক-ৰৰ এসপ্তাহ হ’ল যদিও স্বাভাৱিক আৰু সচ্ছল জীৱন ঘূৰি অহা নাই মহানাগৰিকৰ মাজলৈ।

Leave A Reply