Breaking

মুকলি হ’ল নগাঁৱৰ ভূঁঞাপট্টি দলং

0 74

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ দীৰ্ঘদিনীয়া প্ৰতীক্ষা আৰু বহু জল্পনা-কল্পনাৰ অন্তত অবশেষত নগাঁও চহৰৰ পুলিচ ৰিজাৰ্ভ আৰু ভূঞাপট্টি  সংযোগী কলং নৈৰ ওপৰৰ পকী দলংখন ৰাইজৰ বাবে মুকলি কৰা হয়। উল্লেখ্য  তদানীন্তন অগপ চৰকাৰৰ শাসন কালত ১৯৮৮ চনত উক্ত দলঙৰ আধাৰশিলা স্হাপন কৰা হৈছিল। বিগত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া কাৰ্যকালত দলঙখনৰ দুই মূৰৰ পথ সংযোগ বিছিন্ন হৈ থকাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এই দলংখনে ওলমা দলং হিচাপে পৰিচয় লাভ কৰিছিল।

আনহাতে  বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতা আৰু অসম চৰকাৰৰ লোকনিৰ্মাণ,বিত্ত,স্বাস্থ্য ,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবেই দলংখনৰ দুয়োমূৰৰ সংযোগী পথকে ধৰি দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠে। ৩২ বছৰ পূৰ্বে আধাৰশিলা স্হাপন কৰা পুলিচ ৰিজাৰ্ভ-ভূঞাপট্টি সংযোগী পকী দলংখন  আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দলং খন উদ্ধোধন কৰি মন্ত্ৰী ড:শৰ্মাই কয় যে আজিৰ দিনটো নগাঁও বাসীৰ বাবে এক আনন্দ আৰু প্ৰাপ্তিৰ দিন। সুৰ্দীঘ দিন ধৰি অৰ্ধনমিত হৈ থকা এই দলংখন বিগত কোনো এখন চৰকাৰৰ দিনত নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাছিল। দলং খনৰ আধাৰশিলা স্হাপন কালৰ ডেকাসকল এতিয়া বুঢ়া হ’ল আৰু ন বোৱাৰী সকল শাহু হল।আজি দলং খন ৰাইজৰ বাবে মুকলি কৰি দিব পৰাটো আমাৰ চৰকাৰৰ কাৰ্যকালৰ এক অন্যতম  সফলতা হিচাপে বিবেচিত হব।

আনহাতে দলংখন ৰাইজৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাৰ অৱদানক প্ৰশংসা কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে বিধায়ক ৰূপক শৰ্মাৰ কৰ্মদক্ষতাৰ বাবেই এই দলংখন মুকলি কৰাটো সম্ভৱ হৈছে।ইয়াৰ সিংহভাগ কৃতিত্ব বিধায়ক ৰূপক শৰ্মাৰ। তেওঁৰ প্ৰচেষ্টাতে নগাঁৱত মেডিকেল কলেজকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্ভৱ হৈ উঠিছে।

ৰূপক শৰ্মাৰ দৰে বিধায়ক লাভ কৰাটো গৌৰৱৰ কথা।নগাঁৱৰ অসমৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ় দিয়াৰ বাবে  আগন্তুক সময়ত ৰূপক শৰ্মাক সহায় সহযোগ আগবঢ়াবলৈ ৰাইজক মন্ত্ৰী ড: শৰ্মাই আহ্বান জনায়। আনহাতে কোভিড -১৯ৰ বিৰুদ্ধে অসমৰ ৰাইজে শক্তিশালী ভাবে যুঁজ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে দুৰ্যোগৰ সময়ত ৰাইজে চৰকাৰৰ লগত সহযোগিতা আগবঢ়োৱাটোৱে জাতীয় জীৱনৰ সুন্দৰ দিশক সূচাইছে।

শৰ্মাই লগতে কয় যে যোৱা এমাহ ধৰি অসমত ক’ভিদ নিম্নগামী হৈছে। শাৰদীয় দূৰ্গোৎসৱৰ পিছৰ পৰা ক’ভিদ আৰু নিম্নগামী হ’ব।  ইয়াৰ বাবে ৰাইজে ভালদৰে নিয়ম  নীতি মানিব লাগিব অসমীয়া মানুহৰ মানৱীয় চৰিত্ৰৰ উত্থান বিগত ছটা মাহত আমি প্ৰত্যক্ষ কৰিছো। যোৱা ছমাহৰ পৰিক্ৰমা‌ই মোক বিশ্বাস জন্মাইছে যে অসম এতিয়া নতুন দিগন্তত প্ৰবেশ কৰাৰ বাবে সাজু হৈ আছে।

ইপিনে বৰ্তমানৰ চৰকাৰ খনৰ কাৰ্যকালত সংঘটিত বিভিন্ন উন্নয়ন মূলক কামকাজৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে অসম অতি শীঘ্ৰে ভাৰতৰ এখন শক্তিশালী ৰাজ্যত উপনীত হব। দলং উদ্ধোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই কয় যে আজিৰ দিনটো নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। বিগত ৩২ বছৰে কোনো এখন চৰকাৰে সম্পাদন কৰিব নোৱাৰা ভূঞাপট্টি দলং খন আজি ৰাইজৰ বাবে মুকলি কৰি দিব পৰাটো মোৰ বাবে সৌভাগ্যৰ বিষয়।আজি এই দলং খনৰ কলংকিত অধ্যায়ৰ অৱসান ঘটিল।

দলং খন মুকলি হোৱাৰ লগে লগে নগাঁও চহৰৰ যান-যঁট দূৰ হোৱাৰ উপৰিও যাতায়তৰ ক্ষেত্ৰত ৰাইজ উপকৃত হব।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবেই নগাঁও চহৰৰ বাট, পথ, নলা-নৰ্দমা, দলং, বিজুলী বাতিকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কাজ সম্ভৱ হৈ উঠিছে। আনহাতে বহু প্ৰত্যাহ্বান নেওচি ভূঞাপট্টি দলংখন আজি মুকলি কৰাত সফল হোৱাৰ বাবে বিধায়ক গৰাকীয়ে নগাঁওবাসী ৰাইজৰ সহযোগীতাৰ শলাগ লয়। আজি দলংখনৰ উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ডিম্বেশ্বৰ দাস, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিৱ ৰাজেশ কেম্পাই, লোকনিৰ্মাণ বিভাগৰ সচিৱ বিভূতি শ‌ইকীয়া, লোকনিৰ্মাণ বিভাগৰ পল্লবজ্যোতি শৰ্মা, হিতেন কলিতা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

পূৱা নগাঁও চহৰৰ আমোলাপট্টি স্হিত নগাঁও নাট্য মন্দিৰৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত  মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁও নাট্য মন্দিৰৰ ইতিহাস আৰু ঐতিহ্যক দোহাৰি কয় যে ১২৫ টা বছৰৰ গৌৰৱোজ্জ্বল নগাঁও নাট্য মন্দিৰৰ সাংস্কৃতিক  যাত্ৰাই প্ৰমাণ কৰে যে নাটক আৰু নাট্য আন্দোলন অসমৰ সভ্যতা সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ।আনহাতে অসমৰ সভ্যতা সংস্কৃতি বৰ্তমান সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী ড: শৰ্মাই কয় যে নামনি অথবা মধ্য অসমৰ বুকুত থিয় হৈ আমি প্ৰতিটো দিনে অনুভৱ কৰো যে আমাৰ সভ্যতা, সংস্কৃতি ভবিষ্যত কিমান অনিশ্চয়তাৰ মাজত আছে।

  মন্ত্ৰী ড০ শৰ্মাই আৰু  কয় যে পংকিল সমাজ ব্যৱস্থাৰ মাজতো আমি আমাৰ মূল শিপাডালৰ পৰা আতৰি আহিব নেলাগে। যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ সভ্যতা আৰু সংস্কৃতি জীয়াই ৰাখিব লাগিব। আমাৰ জাতিটোৰ সন্মুখত প্ৰত্যাহ্বান আছে। আমাৰ সভ্যতা- সংস্কৃতিলৈ বহু দিশৰ পৰা প্ৰত্যাহ্বান আহিছে। আমাৰ সভ্যতা- সংস্কৃতিক নতুন প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ আমি সংকল্প লব লাগিব।  আমাৰ জাতীয় জীৱনৰ একতা, সভ্যতা, সংস্কৃতি জীয়াই ৰখাৰ প্ৰতি  যদি প্ৰতিজ্ঞাবদ্ধ নহওঁ তেন্তে আমি আমাৰ মানবীয় প্ৰমূল্য সমূহক জীয়াই ৰাখিব নোৱাৰিম।

সেয়ে আমাৰ জাতিটোৰ মাজত একতাৰ প্ৰয়োজন। নগাঁও নাট্য মন্দিৰৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ডিম্বেশ্বৰ দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও নাট্য মন্দিৰৰ সভাপতি যুক্তিনাথ খাউন্ড, শিল্পী কানু বেজবৰুৱা উপস্থিত থাকে। আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও চহৰৰ ধিং পথত  কৃত্ৰিম বানপানী প্ৰতিৰোধৰ বাবে  নগাওঁ-বৰদোৱা পথৰ ধিং গেটৰ  উৰণীয়া সেতুৰ পৰা সোণাই নদীলৈ চি আই দি এফ আঁচনিৰ অধীনত নলা নিৰ্মাণৰ কামৰ  শুভাৰম্ভ কৰে।

আনহাতে নগাঁও চহৰৰ আধুনিকীকৰণ আৰু পোহৰাই তোলাৰ লক্ষ্যৰে  চহৰ খনত  বিভিন্ন স্থানত স্থাপন কৰা  ৩১ হাই-মাষ্ট লাইট  আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply