Breaking

পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…

0 22

ৰাজ্যত চৌদিশে এতিয়া ৰঙালী বিহুৰ আনন্দ উলাহৰ পৰিৱেশ। প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ অনুষ্ঠান। ৰঙালী বিহুত ব্যস্ততা বাঢ়িছে শিল্পী সকলোৰ মাজত। এনে সময়তে বৃহত্তৰ যোগীঘোপা অঞ্চলটোৰ লগতে জিলাখনতে এতিয়া চৰ্চিত হৈছে এগৰাকী ন-শিল্পীৰ। শিল্পী গৰাকী যোগীঘোপাৰ কুমাৰকটা গাঁৱৰ গৌতম দাস আৰু পাৰুল পাঠক দাসৰ একমাত্ৰ পুত্ৰ পাৰ্থ প্ৰতীম দাস। পাৰ্থ প্ৰতীম দাস এইবেলি বিহুৰ মঞ্চত গীত পৰিবেশন কৰি অঞ্চলটোৰ কেইবাখনো বিহু মঞ্চত সমাদৰ লাভ কৰাৰ লগতে মাতৃৰ আধৰুৱা সপোন পুৰন কৰিবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছে।

কাৰণ পাৰ্থ প্ৰতীম দাসৰ মাতৃ পাৰুল পাঠক দাসে সৰুৰে পৰা এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ সপোন দেখিছিল। তেওঁৰ এই সপোন আধাবাটতে মৰহি যায়। ঘৰৰ অভাৱ অনাতনৰ বাবে শিল্পী হোৱা সপোন সপোন হৈয়েই ৰল। বিয়াৰ পিছতে তেওঁৰ স্বামীৰ সহযোগত তেওঁলোকৰ একমাত্ৰ সন্তানক সেই সকলো সুবিধা দিয়াৰ বাবে আজি বদ্ধপৰিকৰ। পিতৃ গৌতম দাসৰো সৰুৰে পৰা গীত -মাতত যথেষ্ট ৰাপ আছিল। বিয়া পিছত পত্নীৰ সৈতে বিভিন্ন অনুষ্ঠানত একেলগে গীত পৰিবেশন কৰিছিল। কিন্তু সময়ৰ গতিত তেওঁলোকৰ সপোন কেৱল সপোন হিচাপে ৰৈছিল। সৰুৰে পৰা পাৰ্থৰো গানৰ প্ৰতি আকৃষ্ট আছিল। সেয়ে একমাত্ৰ পুত্ৰ পাৰ্থ প্ৰতীমক অশেষ দুখ কষ্টৰ মাজেৰে গানৰ লগতে বাদ্যযন্ত্ৰ শিকাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ লাভ কৰা পাৰ্থ প্ৰতীমে বৰ্তমানে এগৰাকী গায়ক হিচাপে সমাদৰ লাভ কৰাত তেওঁৰ পিতৃ- মাতৃৰ যেন আধৰুৱা সপোন তেওঁৰ পুত্ৰ‌ই পুৰণ কৰিলে । পুত্ৰৰ এই প্ৰচেষ্টাত তেওঁলোক দুয়োজনে এতিয়া সুখী।

Leave A Reply