Breaking

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ…

0 30

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ

ওদালগুৰি জিলাৰ টংলাৰ জীয়ৰী নিশিতা ডেকাই যোৱা ৩০; মাৰ্চত গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীৰাম বৰুৱা সদনৰ অডিটৰিয়ামত অনুষ্ঠিত নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে।

গুৱাহাটীৰ পি এন চি অকাডেমিত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত কৃতী ছাত্ৰী নিশিতা ডেকাৰ পিতৃ টংলা চিত্ৰনগৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা ক্ৰীড়াপ্ৰেমী ৷বিপুল ডেকা আৰু মাতৃ দিপ্তী শইকীয়া ডেকা।

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ত যোগদান কৰি কৃতিত্ব অৰ্জন কৰা বাবে নিশিতা ডেকাক পিতৃ -মাতৃৰ লগতে আত্মীয় স্বজন,, ব্যক্তি বিশেষে আৰু টংলাৰ বিভিন্ন অনুষ্ঠানে আন্তৰিক উষ্ম অভিনন্দন জনাইছে।

Leave A Reply