Breaking

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 56

অসম সাহিত্য সভাৰ অন্তৰ্গত অন্যতম শাখা সাহিত্য সভা মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ চতুৰ্দশ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যক্ৰমণিকাৰে দৰিয়াস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয়। পুৱা ৮ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগামে পতাকা উত্তোলন কৰাৰ পিছতে ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপ-সভাপতিদ্বয় অজয় বৰুৱা আৰু প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীয়ে । ইয়াৰ পিছতে গীত-মাত-কথাৰ অনুষ্ঠান ‘সাহিত্য মন্থন’ত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি তথা অৱসৰী অধ্যক্ষ ৰামসাগৰ নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে অসমৰ সমাজ জীৱনত সাহিত্য সভাৰ ভূমিকা অপৰিসীম; সেইদৰে বৰ্তমান সময়ত মাজুলীৰ সাহিত্য পথাৰত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই গুৰুত্বপূৰ্ণ স্থান অৱলম্বন কৰিছে।

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কু্ঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, বিশেষ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়োৱা অনুষ্ঠানত মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, জিলা সম্পাদক কেশৱ কাকতি, মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক শ্যামন্ত পায়েং, সমন্বয় শাখা সাহিত্য সভাৰ সভাপতি আনন্দ নাথ, পশ্চিম গড়মূৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰমোদ গোস্বামী, বৈষ্ণৱ সংস্কৃতিৰ সাধক উপেন বৰা বৰগায়ন, পৰিৱেশ কৰ্মী অতুল হাজৰিকা, অধ্যাপক বসন্ত বৰা, কবি যতীন্দ্ৰ নাথ মুদৈ, অমিয়া দেৱী, লক্ষীপ্ৰসাদ ৰেগনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। শাখাৰ সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা ‘সাহিত্য মন্থন’ত ডিম্মী সাতোলা, স্মিতাননা শইকীয়াই বৰগীত; সুদক্ষীণা বৰাই লোকগীত, শিশু শিল্পী লাকী শইকীয়া, ৰাশী ভত্তই ভূপেন্দ্ৰ সংগীত; ধৰিত্ৰী ৰেগন, হেমাংগ বিশ্ব শৰ্মা, দিগন্ত তামূলী, অনুশ্ৰী শইকীয়া, সঞ্জুশ্ৰী তামূলী, ঝৰ্না তামূলী, বৃষ্টি বন্যাই কবিতা আৰু সম্প্ৰীতি বৰাই জ্যোতি সংগীত পৰিৱেশন কৰে। শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত জীপাল হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সমাপ্তি ঘটে। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে শাখাৰ সহকাৰী সম্পাদক তথা বৈষ্ণৱ শিল্পী বিজয় শইকীয়াই।

Leave A Reply