Breaking

উত্তৰ কোৰিয়াই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ কৰিলে নিক্ষেপ

0 74

দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য কৰ্মচাৰীয়ে এই কথা নিশ্চিত কৰিছে যে কোৰিয়া উপদ্বীপৰ পূব উপকূলৰ পানীত এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে।

উল্লেখ্য যে, যোৱা ১৮ ফেব্ৰুৱাৰীত উত্তৰ কোৰিয়াই আন এক দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল সফলতাৰে উৎক্ষেপণ কৰিছিল।

এমাহ নৌহওতেই পুনৰ ৰাষ্ট্ৰখনে আন এক বেলিষ্টিক মিছাইলৰ উৎক্ষেপণ কৰা কাৰ্যই এতিয়া বিশ্ব জুৰি চৰ্চা লাভ কৰিছে।

চলিত ২০২৩ ত এই পৰ্যন্ত দেশখনে মুঠ চাৰিবাৰ বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছে।

Leave A Reply