Breaking

কেৱল আমৰে নহয়, আম পাতৰো আছে বহু ঔষধি গুণ…

0 32

কেৱল আমৰে নহয়, আম পাতৰো আছে বহু ঔষধি গুণ। আজি পাঠকসকল আম পাতৰ ঔষধিৰ দুণৰ বিষয়ে কম। গতিকে জানো আহক আম পাতৰ ঔষধি গুণৰ বিষয়ে-

আম পাতৰ গোন্ধ ল’লে ডিঙিৰ বহু ৰোগত উপকাৰ পোৱা যায় ।

নিয়মিয়াকৈ আমৰ কুমলীয়া পাত খালে ডায়েবেটিছৰ সমস্যাত উপকৃত হয় ।

আম পাত শুকুৱাই গুৰি কৰি প্ৰতিদিনে ৰাতিপুৱা এগিলাচ পানীত এচামুচ মান মিহলাই খালে কিডনি পাথৰৰ সমস্যাত উপকাৰ পোৱা যায়।

আম পাতৰ গুৰি মৌ ৰস মিহলাই খালে পানীলগা, এজমা আদি সমস্যাত উপকৃত হয়।

কোমল আম পাতৰ ৰস ৰাতিপুৱা খালি পেটত খালে কিডনি, গল্ড ব্লাডাৰ, পাকস্থলী আদি সুৰক্ষিত হয়। দাঁত মজবুত হয় আৰু লগতে দৃষ্টি শক্তি বাঢ়ে।

উচ্চ ৰক্তচাপ, স্নায়ু জনিত সমস্যাত আম পাত উপকাৰী। আম পাত শুকুৱাই গুৰি কৰি ৰাতিপুৱা খালি পেটত খাব লাগে।

আম পাত থেতেলিয়াই লৈ সেই পানী নিয়মিয়াকৈ খালে বাত বিষৰ সমস্যাত উপকৃত হয়।

আম পাতৰ গুৰি ডায়েবেটিছ নিয়ন্ত্ৰণত উপকাৰী। আম পাতৰ গুৰি নিয়মিয়াকৈ খাই থাকিলে শৰীৰত ইনচুলিনৰ ক্ষৰণ বৃদ্ধি কৰে।

আমৰ কুঁহিপাতৰ ৰস মৌ মিহলাই খালে তেজ গ্ৰহণীত উপকৃত হয়।

গতিকে শৰীৰত এই সমূহ সমস্যা থাকিলে আম পাত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

Leave A Reply