Breaking

অসমীয়া সাহিত্যৰ এখন অন্যতম বিখ্যাত উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’ৰ স্ৰষ্টা প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচি এইবাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’ব

0 1,835

প্ৰখ্যাত কথাশিল্পী য়েছে দৰজে ঠংচিৰ লেখাৰে-‘আজি বহু বছৰৰ পৰা অসমৰ সাহিত্য প্ৰেমী ৰাইজে মোক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদত অধিস্থিত হ’বৰ কাৰণে ব্যক্তিগত ভাৱে লগ ধৰি, বিভিন্ন বাতৰি কাকত আৰু আলোচনীত চিঠি পত্ৰৰ লগতে প্ৰবন্ধ লিখি, বিভিন্ন সভা সমিতিত ভাষণ দি, চচিয়েল মিডিয়াত লিখি আৰু বিভিন্ন সংগঠনে বিবৃতি দি অনুৰোধ জনাই আহিছে৷ ব্যক্তিগত কাৰণত মই সেই অনুৰোধ ইমান দিনে ৰক্ষা কৰিব পৰা নাছিলোঁ৷

অসমৰ সাহিত্য প্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰ নত কৰি এইবাৰ মই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদৰ বাবে প্ৰাৰ্থী হবলৈ মনস্থ কৰিছোঁ ৷ গতিকে মই অসম সাহিত্য সভা, জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সহাঁৰি আশা কৰিছোঁ আৰু অসমীয়া ভাষা সাহিত্যৰ দায়বদ্ধ কৰ্ম্মী হিচাপে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ৷’

Leave A Reply