নগাঁৱত কুখ্যাত এটিএম হেকাৰ গ্ৰেপ্তাৰ

নগাঁও, ২৯ ছেপ্টেম্বৰ:: নগাঁও আৰক্ষীয়ে আজি দুপৰীয়া প্ৰায় ১২ মান বজাত অভিযান চলাই এটা কুখ্যাত এ টি এম হেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ বিকানেৰ জেমচ এণ্ড জুৱেলাৰী নামৰ গহনা প্ৰতিষ্ঠানখনত সোণৰ গহণা ক্ৰয় কৰি থকা অৱস্থাতে নগাঁও সদৰ থানাৰ এটা অভিযানকাৰী আৰক্ষীৰ দলে এটিএম হেকাৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত এটিএম হেকাৰটো চহৰ খনৰ সমীপৰ কাতিমাৰী অঞ্চলৰ আব্দুল হান্নান(৩৫) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অভিযানৰ কালত হেকাৰ আব্দুল হান্নানৰ পৰা বিভিন্ন বেংকৰ ৪খনকৈ চুৰি এ টি এম কাৰ্ড আৰু স্মাৰ্টফোন জব্দ কৰে। উল্লেখ্য যে, নগাঁও চহৰৰ বিভিন্ন এ টি এমত ধন উলিয়াবলৈ অহা একাংশ বয়োজ্যেষ্ঠ লোকক সহায় কৰাৰ ছলেৰে পিন ক’ড সংগ্ৰহ কৰাৰ লগতে হেকাৰটোৱে এটিএম কাৰ্ড সমূহ চুৰ কৰিছিল। পিছত একাংশ ভুক্তভোগী জ্যেষ্ঠ নাগৰিকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আব্দুল হান্নানক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। সেই অভিযানৰ ভিত্তিতেই আজি নগাঁও আৰক্ষীয়ে জুৱেলাৰীখনৰ পৰা গহনা ক্ৰয় কৰি থকা অৱস্থাত কুখ্যাত হেকাৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অধিক তথ্য উদঘাটনৰ বাবে আব্দুল হান্নানক জেৰা অব্যাহত ৰাখিছে।।

Related Articles