Breaking

মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ মাটিৰ কুখ্যাত দালাল আমজাদ হোছেইনক গ্ৰেপ্তাৰ

0 2,035

ৰাজ্যখনত দালাল ৰাজ, ভ্ৰষ্টাচাৰ, দুৰ্ণীতি আদি বন্ধ কৰিবলৈ অসম চৰকাৰৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাইজক কেবাবাৰো সংবাদ মাধ্যমৰ যোগেদি জনায়। দালাল ৰাজ বন্ধ কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সষ্টম হৈছে। ইপিনে মানকাচৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ দালাল আমজাদ হোছেইন আৰু কৌটি পতি দালাল ৰোপী লাট মণ্ডল নুৰুল ইছলাম সৰকাৰে গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। দালাল আমজাদ হোছেইন আৰু দুৰ্ণীতিৰ সদাগৰ লাট মণ্ডলৰ বিৰুদ্ধে জিলা খনত বিভিন্ন থানাত বহু কেইটা জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে। জানিব পৰা মতে দালাল আমজাদ আলি আৰু নাট মণ্ডল জনে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় পৰা দুটা গোচৰৰ জামিন পাইছে যদিও আৰু কেইটামান গোচৰৰ জামিন পোৱা নাই। ইপিনে দঃশালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ বলিষ্ঠ পদক্ষেপৰ ফলত আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই যোৱা ৯ তাৰিখে ৰাতি আমজাদ হোছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে কৌটি পতি নাট মণ্ডল নুৰুল হক সৰকাৰে জামিনৰ বাবে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। দালাল আমজাদে নুৰুল নাট মণ্ডলৰ লগত মিতিৰালি কৰি মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু দুখীয়া মানুহৰ ফাইনেল মেদী পট্টাৰ মাটি টকাৰ লোভত বেলেগৰ নামত নামজাৰি কৰি দি লাখ লাখ টকা লুন্ঠন কৰিছে। ইয়াৰ উপৰিও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চকীত বহি চৰকাৰী কৰ্মচাৰীৰ নিচিনা গুৰুত্বপূৰ্ণ নথি পত্ৰ কাৰ্যালয়ৰ আলমিৰাৰ পৰা নিজৰ হাতে ওলোৱাই কাম কাজ কৰাৰ বহু মানুহৰ দৃষ্টি গোচৰ হৈছিল। সাধাৰণ মানুহে আমজাদৰ কামৰ ষ্টাইল দেখি তেওঁক ৰাজহ চক্ৰটোৰ চৰকাৰী কৰ্মচাৰী বুলি বহুতে ভাবিছিল। প্ৰকৃততে আমজাদ হল এজন দালাল। অতি শীঘ্ৰে লাট মণ্ডল নুৰুল হক সৰকাৰে আৰক্ষীৰ জালত পৰিব সেয়া নিশ্চিত। আমজাদক গ্ৰেপ্তাৰ কৰাৰ বাবে সাধাৰণ ৰাইজ আৰু বহু ভুক্তভোগীয়ে আৰক্ষী অধীক্ষক জনক ধন্যবাদ জ্ঞাপন কৰে। ইপিনে আৰক্ষীয়ে আমজাদক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতৰ পৰা এদিনৰ পুলিচৰ জিম্মালৈ তদন্ত কৰাত আমজাদৰ ঘৰৰ পৰা মাটি মাপ জোখৰ কম্পাচ, ফিটা, বিভিন্ন ধৰণৰ মাটিৰ নথিপত্ৰ, জেমিতী ইত্যাদি জব্দ কৰে। আমজাদ হোছেইনৰ বিৰুদ্ধে দঃশালমাৰাৰ থানাত গোচৰ নং ৩৫৪/২০২১ ধাৰা ১২০ বি, ৪০৬/৪০৯/৪০৮/৪৬৮ গোচৰ মৰ্মে যোৱা কালি দালাল জনক জেইল হাজতলৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে।

Leave A Reply