Breaking

অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ এন পি পি’ৰ

0 27

অসমৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্য ৰাজনৈতিক দল সমূহৰ লগতে শেহতীয়াকৈ সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন.পি.পি য়ে ২০ ফেব্ৰুৱাৰীত  দলৰ কেন্দ্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড  কে চাংমাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এক বিশেষ সভা। উক্ত সভাতেই  অসম ৰাজ্যিক সমিতিৰ শাখা পুণৰ গঠন কৰা হয়। উক্ত সভাই যোৰহাটৰ বিশ্বজিৎ বৰুৱাক তত্বাবধায়ক আৰু জোনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণকান্ত পেগু, আবুল হুছেইন, আৰু  পাৰ্থ প্ৰতীম মহন্তক সম্পাদক হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে। এন পি পিৰ অসম প্ৰদেশৰ তত্বাবধায়ক বিশ্বজিৎ বৰুৱাই জনোৱা মতে আগন্তুক নিৰ্বাচনত অসমৰ ২০-৩৫ টা সমষ্টিত দলে প্ৰাৰ্থী ঠিয় কৰোৱাব। বৰুৱাৰ মতে  দলটোৱে ইতিমধ্যে টীয়ক ,মৰিয়ণি, আমগুৰিকে ধৰি অসমৰ বহুকেইটা সমষ্টিত সমষ্টি ভিত্তিক তদৰ্থ সমিতি সমূহ গঠন কৰিছে।তেওঁৰ মতে ২৫ ফেব্ৰুৱাৰীত জিতু দুৱৰা, প্ৰশান্ত পাছনী,প্ৰকাশ বৰুৱা, অম্বৰীশ কৃষ্ণ শইকীয়া প্ৰমুখ্যে ৯ জন সদস্যক লৈ টীয়ক সমষ্টিৰ তদৰ্থ সমিতি খন গঠন কৰিছে। উল্লেখযোগ্য যে দলটোৰ প্ৰথম খন প্ৰাৰ্থী তালিকা ৫ মাৰ্চত প্ৰকাশ পাব।

Leave A Reply