Breaking

চহৰাঞ্চললৈ প্ৰসাৰ এনৰেগা

0 1,309

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই দেশৰ অৰ্থনীতিৰ দুৰৱস্থা হ’ল ৷ ইয়াৰ লগতে বহু মানুহ কৰ্মহীন হ’ল ৷ গাঁৱৰ পৰা নগৰলৈকে সকলোতে একেই ছবি ৷ দিন হাজিৰা কৰা মানুহে ঘৰতে বহি থাকিব লগা হ’ল ৷ এইবাৰ নগৰত থকা কাম হেৰুৱা মানুহক কৰ্মসংস্থাপন দিব কেন্দ্ৰীয় চৰকাৰে ৷ চহৰাঞ্চলত নিবনুৱাৰ বাবে চাকৰিৰ প্ৰকল্প এনৰেগা প্ৰসাৰ ঘটোৱাৰ কামনা কৰিছে মোডী চৰকাৰে ৷ অৱশ্যে ডাঙৰ চহৰবোৰত নহয়, দেশৰ সৰু সৰু চহৰবোৰত ১০০ দিনৰ কাম আৰম্ভ কৰাৰ চিন্তা কৰিছে চৰকাৰে ৷ এই প্ৰসংগত কেন্দ্ৰীয় আৱাস আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জয় কুমাৰে জনায়, সৰু চহৰত এই প্ৰকল্পৰ কাম হ’ব পাৰে ৷ যোৱা বছৰৰ পৰা এই বিষয়ে চিন্তা কৰিছে চৰকাৰে ৷ বৰ্তমান পৰিস্থিতিত এই পৰিকল্পনা অধিক ত্বৰান্বিত হৈছে ৷ ইয়াৰ বাবে প্ৰাথমিক পৰ্যায়ত ৩৫০ বিলিয়ন টকা খৰচ হ’ব বুলি সচিবজনে জনাইছে ৷ জানিব পৰা মতে, চলিত বছৰত গ্ৰামীণ কৰ্মসংস্থাপনৰ প্ৰকল্পত ১ ট্ৰিলিয়নৰ বেছি টকা দিছে মোডী চৰকাৰে ৷ যি প্ৰকল্পত কৰ্মীৰ বছৰী ১০০ দিনত প্ৰতিদিনে ২০২ টকা উপাৰ্জন কৰে ৷ উল্লেখ্য যে কংগ্ৰেছৰ তৰফৰ পৰা বাৰম্বাৰ দাবী কৰা হৈছিল যে চহৰাঞ্চলত ১০০ দিনৰ কাম আৰম্ভ কৰা হওক ৷ এইবাৰ সেই দাবীক কাৰ্যত হাত দিছে কেন্দ্ৰীয় চৰকাৰে ৷ পৰিসংখ্যা মতে লকডাউনৰ বাবে মাৰ্চ মাহৰ পৰা দেশত প্ৰায় ১ কোটি ২০ লাখ মানুহে কাম হেৰুৱাইছিল ৷ নিবনুৱাৰ হাৰ ২৩ শতাংশ বাঢ়িছিল ৷

Leave A Reply