Breaking

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৫৫ জনলৈ বৃদ্ধি : চুটি কটাই ঘৰৰ পৰা ওভটি অহা মিছা সেনা ছাউনীৰ ১৮ জন সেনা জোৱানো কৰ’ণাত আক্ৰান্ত ।

0 845

নগাঁও : অতি উদ্বেগজনক ভাৱে নগাঁঁও জিলাত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা।  কালি সন্ধিয়াৰ পৰা আজি বিয়লি পৰ্যন্ত জিলাখনত মুঠ ৪৪ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে। নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে জনোৱা মতে, যোৱা বাৰ ঘন্টাৰ ভিতৰত জিলা খনত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত বুলি নিশ্চিত কৰা ৪৪গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী সেনা জোৱানো আছে। এওঁলোক জিলা খনৰ মিছা সেনা ছাউনীত কৰ্মৰত। স্বাস্থ্য বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে, এই আটাই কেইগৰাকী সেনা জোৱানেই ছুটী লৈ নিজ নিজ ঘৰলৈ বুলি বহিঃৰাজ্যলৈ গৈছিল। ছুটী অন্ত পৰাত শেহতীয়াকৈ তেওঁ লোক সেনা ছাউনীলৈ ওভটি আহিছিল। কিন্তু বহিঃ ৰাজ্য ফেৰৎ এই সেনা জোৱান কেইজনৰ শ্বাৱ মিছা চাউনীতে সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে বিজ্ঞানগাৰলৈ পঠিওৱা হৈছিল।আজি তেওঁ লোকৰ ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাত তেওঁ লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইপিনে,জিলা খনৰ বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকো ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে বুলি ডাঃ পাটৰে জনাইছে। কৰ’ণাত আক্ৰান্ত সেনা জোৱান কেইজনক ইতিমধ্যে তেজপুৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে বহিঃ ৰাজ্য ফেৰৎ আন ২৬গৰাকী লোকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ডাঃ পাটৰে জনাইছে। ইপিনে,যোৱা বাৰ ঘন্টাত জিলা খনত কৰ’ণাত আক্ৰান্ত ৪৪গৰাকী লোককে লৈ এই পৰ্যন্ত  জিলাখনত ক’ভিড -১৯ পজিটিভত আক্ৰান্ত লোকৰ সংখ্যা ৪৫৪ জনলৈ বৃদ্ধি পালে।  এনেদৰে জিলা খনত প্ৰতিদিনে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁৱৰ ৰাইজৰ মাজত শংকা বৃদ্ধি হৈছে। অৱশ্যে জিলা খনত কৰ’ণা আক্ৰান্ত লোক সকলৰ ভিতৰৰ দুজনমানক বাদ দি আটাইবোৰেই  বহিঃৰাজ্যৰ পৰা ওভটি অহা লোক। ইতিমধ্যে বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰায় ১১০০০ লোক ওভটি আহিছে। জিলা খনত কৰ’ণাতংকৰ মাজতে ভালেসংখ্যক কৰ’ণা ৰোগী সুস্থ হৈ ঘৰলৈ ওভটি যোৱা পৰিলক্ষিত হৈছে।আজিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালৰ পৰা ১৬জনক আৰু উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালৰ পৰা ৬জন লোক সহ মুঠ ২২জন লোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে।

Leave A Reply