Breaking

ওদালগুৰি ভেৰগাঁ‌ও কাকৰামাৰীত গ্ৰন্থ উন্মোচন

0 1,025

কবিতা সকলোৱে লিখিব পাৰে। কবিতাই এখন আলোকসন্ধানি ছবি অংকিত কৰিব পাৰে। নিসংগতা, দুখ-যন্ত্ৰণা কবিতা সৃষ্টিৰে আঁতৰাব পাৰি। কবিতাত সকলোধৰণৰ বিষয়বস্তু সন্নিবিষ্ট কৰিব পাৰি।”— অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ৩০ডিচেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ কাকৰামাৰী চেউনীস্থিত তক্ষশীলা নাটক, নৃত্য আৰু সংগীত মহাবিদ্যালয় খেলপথাৰত কবি, লেখিকা মিন্টু ডেকাৰ গীতিগন্ধী কবিতা সংকলন “পঞ্জী” আৰু শিশু একাংকিকা নাট “খানা” উন্মোচন কৰি অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, বিশিষ্ট কবি, সাহিত্যিক নিশুতি মজুমদাৰে এনেদৰে কয়। কবি মজুমদাৰে সমাজৰ উত্তৰণৰ হকে লগতে দায়বদ্ধতাৰে কাব্যকে ধৰি অন্যান্য সাহিত্য সৃষ্টি কৰিবলৈ লেখক- লেখিকা সকললৈ আহ্বান জনায়।

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত অংশ লৈ বিশিষ্ট অভিনেতা, আবৃত্তিকাৰ ৰবীন ডেকাই ভাষণ প্ৰসংগত কবি, সাহিত্যিক, শিল্পীসকলে গঞা জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰা সাহিত্য সৃষ্টি কৰিলে গ্ৰাম্য জীৱন চহকী হ’ব বুলি মতপোষণ কৰে। ৰাষ্ট্ৰীয় পৰিবেশ্য কলা পৰিষদৰ সাধাৰণ সম্পাদিকা, কবি, লেখিকা, অভিনেত্রী, নাট্যচাৰ্য পখিলা কলিতাই  কয়- বিশ্বৰ প্ৰায় সকলো সাহিত্যিক, শিল্পী, খেলুৱৈ, বিজ্ঞানী, চিকিৎসক আদি গ্ৰাম্যাঞ্চলৰ পৰা আহিছে। সাহিত্য সৃষ্টিৰে বাবে আকাশ-পাতাল চিন্তা নকৰি সৰলতাৰে চিন্তা কৰাৰ লগতে অধ্যয়ন কৰিলে উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিব পাৰি। অনুষ্ঠানভাগি মঞ্জু বৰাই বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা সভাত লেখিকা সুস্মিতা মজুমদাৰ, সদৌ অসম মহিলা কৰ্মচাৰী পৰিষদৰ সভানেত্রী দীপ্তিকণা মজুমদাৰ, ৰাষ্ট্ৰীয় পৰিবেশ্য কলা পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যা অল্পনা চৌধুৰী, একালৰ “বিহু কুঁৱৰী” গায়ত্রী ডেকা, প্ৰাক্তন শিক্ষয়িত্ৰী বিনা বৰ্মন, শিল্পী-সমাজকৰ্মী লক্ষ্মী বৰা, ‘কলা গৌৰৱ’ নাৰায়ণ ৰাভা, জোনাৰাম ৰাভা, ভেৰগাঁৱ জুমুৰ দলৰ সভাপতি সঞ্জয় ভূমিজ , স্বপ্না শৰ্মাই বক্তব্য দাঙি ধৰি পৰাগজ্যোতি প্ৰকাশনৰ প্ৰকাশনৰ প্ৰয়াসৰ লগতে লেখিকা মিন্টু ডেকাক উষ্ণ সম্ভাষণ জনায়।

সভাত শচীন দাসে কামৰূপী লোকগীত, জিকিৰ পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব বৰ্ধন কৰে। অনুষ্ঠানত তক্ষশীলা নাটক, নৃত্য আৰু সংগীত মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৰাভা নৃত্য, কৃষ্ণ নৃত্য, বড়ো নৃত্য আদি পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে। সভাৰ আৰম্ভণিতে প্ৰয়াত যামিনী কলিতা, প্ৰয়াত অম্বা ডেকা, প্ৰয়াত বিমলা ৰাভাৰ স্থিৰচিত্রত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য অৰ্পণ কৰা হয়।

Leave A Reply