Breaking

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতালৈ ‘ওদালগুৰি ৰত্ন’ ২০২০বঁটা

0 1,840

সুস্থ প্ৰগতিশীল আৰু এখন নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত  বিভিন্ন জনে একনিষ্ঠভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে।তেখেত সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্মৰাজিক সন্মান প্ৰদৰ্শন কৰিবলৈ ওদালগুৰি জিলা সাহিত্য সভাই প্ৰতি দুবছৰত জিলাখনৰ এগৰাকী মহান বিশিষ্ট ব্যক্তিক “ওদালগুৰি ৰত্ন বঁটা”ৰে সন্মানিত  কৰি আহিছে।এইবেলি ২০২০বৰ্ষৰ  এই বঁটাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰৰ  একনিষ্ঠ সাধক ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ,শৰণাচাৰ্য তথা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতালৈ প্ৰদান কৰা হব বুলি ওদালগুৰি জিলা সাহিত্য সভাই ঘোষনা কৰিছে।আজি ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই জনোৱা মতে- অহা ১৮ জুলাইত  দিনৰ ১১ বজাত ডিমাকুছিস্থ বৰঙাজুলি সত্ৰত ওদালগুৰি জিলা সাহিত্য সভাই দ্বিবাৰ্ষিক ভাবে প্ৰদান কৰা ‘ওদালগুৰি ৰত্ন বঁটা২০২০’ সন্মানটি আনুষ্ঠানিকভাবে  এইবেলি এই সন্মান আগবঢ়োৱা হ’ব বৰঙাজুলি সত্ৰৰ প্ৰতিস্থাপক সত্ৰাধিকাৰ, ‘সত্ৰভূষণ’, ‘ভকত শিৰোমণি’  হৰেকৃষ্ণ মহন্ত আতাক৷ তেখেতৰ শেহতীয়া শাৰিৰীক অসুস্থতা আৰু ক’ৰনা মহামাৰীৰ চৰকাৰী বিধিৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্ঠুপীয়াকৈ(মাত্ৰ এঘণ্টা) কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷তেওঁ লগতে উল্লেখ কৰি কয়-  সময়ৰ নাটনিৰ বাবে অনুষ্ঠানলৈ সকলোকে  আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিব পৰা নগ’ল যদিও উক্ত দিনা নিৰ্দিষ্ট সময়ত ভক্তপ্ৰাণ ৰাইজক  উপস্থিতি থাকি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক শৰ্মা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ,জিলা উপায়ুক্ত ডা: পি উদয় প্ৰবীন উপস্থিত থাকিব। ষাঠিৰ দশকতে বৰঙাজুলি সত্ৰৰ দায়িত্ব গ্ৰহন কৰি অবিভক্ত দৰং জিলাত(বৰ্তমান ওদালগুৰি জিলা)ধৰ্মীয় ৰীতি-নীতি,সামাজিক,শৈক্ষিক অৰ্থনৈতিক সকলো দিশৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰা আতা হৰেকৃষ্ণ মহন্তদেৱক ওদালগুৰি জিলা সাহিত্য সভাই এই বঁটাৰ বাবে মনোনীত কৰাত  সমূহ ভক্তপ্ৰাণ ৰাইজে উৎফুল্লিত হৈ উঠিছে।অসম চৰকাৰে ২০০৬ৰ ২৬ জানুৱাৰীত মহন্ত বাপক শিল্পী পেন্সন আগবঢ়াইছিল।ইয়াৰ উপৰিও ২০০৬ত “ভকত শিৰোমণি”,২০০৯ত “আতা পুৰুষ”, “সত্ৰ ৰত্ন”, ২০১৩ত “সত্ৰ ভূষণ” আৰু “শংকৰজ্যোতি”আদি বিভিন্ন উপাধি লাভ কৰা মহন্ত আতাই ২০১১ত নতুন দিল্লীৰ পৰা “ভগৱান বুদ্ধ নেশ্যনেল ফেল’শ্বিপ এৱাৰ্ড,২০১২ত “অপূৰ্ব প্ৰেৰণা বঁটা”, গড়মূৰীয়া পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটাৰ উপৰিও ২০২০ত অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।  উল্লেখ্যে যে,ওদালগুৰি জিলা সাহিত্য সভাই আগবঢ়োৱা ওদালগুৰি ৰত্ন’২০১৮ৰ বঁটাৰ এই সন্মান লাভ কৰিছিল ওদালগুৰি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক,বিশিষ্ট সাহিত্যিক তথা ,কৃতী শিক্ষক ক্ষীতেশ্বৰ শৰ্মাই ৷

Leave A Reply