Breaking

দেশৰ প্ৰায় ১৭ লাখ এইচআইভিত আক্ৰান্ত লোকৰ মাজৰে ৯৫%ই লাভ কৰিছে বিনামূলীয়া চিকিৎসা…

0 62

গুৱাহাটী ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত বিশ্ব এইডছ দিৱস। দেশৰ প্ৰায় ১৭ লাখ এইচআইভিত আক্ৰান্ত লোকৰ মাজৰে ৯৫%ই বিনামূলীয়া চিকিৎসা লাভ কৰিছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰফেচৰ এছ. পি. সিং বাঘেলৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠান উদ্বোধন কৰে। এই অনুষ্ঠানত সমগ্ৰ ৰাজ্যসমূহৰ ১,৫০০ ৰোধিক এইচআইভিত আক্ৰান্ত লোক (PLHIV), এনজিঅ’, চিএছঅ’, উন্নয়ন অংশীদাৰ আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, এনএচিঅ’ৰ সঞ্চালক শ্ৰীমতী নিধি কেছাৰৱানী; আইএএছ, ইউএনএইডছৰ কান্ট্ৰি সঞ্চালক শ্ৰী ডেভিদ ব্ৰীজাৰকে প্ৰমুখ্য কৰি এনএচিঅ’ৰ সকলো উপ-সঞ্চালক প্ৰধান।

বিশ্ব এইডছ দিৱস, ২০২৩ৰ বিষয়বস্তু ‘সমাজে লওক নেতৃত্ব’ (Let Communities Lead)ৰে সংগতি ৰাখি প্ৰফেচৰ বাঘেলে ইয়াৰ প্ৰভাৱ আৰু আন-আন পদক্ষেপৰাজিক বিশিষ্ট কাৰিকৰী আৰু বৈজ্ঞানিক পদ্ধতিৰে মূল্যায়নৰ বাবে প্ৰমাণ সৃষ্টিৰ ক্ষেত্ৰত কাৰ্য্যসূচীৰ নিৰৱচ্ছিন্নতা আৰু নিৰন্তৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। ভাৰত চৰকাৰে নিৰাপদ আচৰণক প্ৰোৎসাহন, সমাজ-ভিত্তিক পৰীক্ষণক প্ৰোৎসাহন, আয়-সৃষ্টিৰ সুযোগ আৰু আত্মীয়ক সামাজিক সুৰক্ষা আঁচনিৰে সংযুক্তকৰণৰ বাবে চিন্তা-চৰ্চা আৰু সেৱা প্ৰদান, সজাগতা সৃষ্টি আৰু পৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰত সমাজসমূহক নিয়োজিত কৰিছে। আজি প্ৰকাশিত “এইচআইভি প্ৰাক্কলন, ২০২২ আৰু সংকলক প্ৰতিবেদন ভাৰতত এই ব্যাধিৰ বোজা অনুমানৰ ক্ষেত্ৰত এক পদক্ষেপ; যি সঠিক, সামঞ্জস্যপূৰ্ণ আৰু অৰ্থপূৰ্ণ স্বাস্থ্য নীতি আৰু কাৰ্য্যক্ৰমৰ ক্ষেত্ৰত সহায়ক হ’ব”, তেওঁ লগতে কয়। মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু ঘৃণাৰ ভাৱ আৰু বৈষম্য হ্ৰাসৰ বাবে এনএচিঅ’ আৰু এছএচিএছে নতুন যুগৰ যোগাযোগ কৌশল অভিযোজনাত সন্তোষ প্ৰকাশ কৰে।

সাধাৰণ দৰ্শকৰ বোধগম্য হোৱাকৈ এইচআইভি আৰু এছটিআই বিষয়বস্তু সন্দৰ্ভত তিনি ৰাজ্য যথাঃ ছত্তীশগড়, নাগালেণ্ড আৰু অসমৰ প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সংগীতানুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানথলীত কাৰ্য্যসূচীগত সাফল্য আৰু শেহতীয়া মধ্যবৰ্তিতাৰাজি প্ৰদৰ্শনমূলক কেইবাখনো ষ্টল স্থাপন কৰা হয়। দুগৰাকী বক্তাই এনএচিপিৰ অধীনত সেৱাসমূহে তেওঁলোকক কেনেদৰে উপকৃত কৰি আহিছে, সেই সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতাও ব্যক্ত কৰে।

Leave A Reply