বৰপেটাত পোষণ মাহ আৰু মাত্ৰ বন্দনা সপ্তাহৰ আনুষ্ঠানিক সামৰণি

শিশু আৰু প্ৰসূতি মাতৃৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে হাতত লোৱা সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা এমাহ ধৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা কাৰ্যসূচীৰ আজি বৰপেটা জিলা ভিত্তিক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই উপলক্ষে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এখন সভাত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে পোষণৰ লগতে কৰোনা মহামাৰীৰ সম্পৰ্কতো ৰাইজক সজাগ কৰি তোলাৰ বাবে অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলক আহ্বান জনায়। সভাৰ আৰম্ভণীতে জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই এই সজাগতা অভিযানৰ তাৎপৰ্যৰ বিষয়ে বুজাই কয়। যোৱা মাহটোত পোষণ আৰু মাত্ৰু বন্দনা আঁচনিৰ বিষয়ত সজাগতা চলোৱাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্বৰ বাবে শ্ৰেষ্ঠ বিবেচিত সংহত শিশু বিকাশ প্ৰকল্প আৰু অঙ্গনবাড়ী কেন্দ্ৰক পুৰস্কৃত কৰা হয়।  বিষয় -বস্তুৰ সৈতে সংগতি ৰাখি বিভিন্ন শিশু বিকাশ প্ৰকল্প আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা সকলে আকৰ্ষণীয় নৃত্য-গীতৰ অনুষ্ঠানো পৰিবেশন কৰে।

Related Articles