Breaking

গৰমৰ দিনত চৰ্মৰোগৰ পৰা হাত সাৰিবলৈ নিমপাত সিজোৱা পানীৰে ঘা ধুব লাগে…

0 24

সৰু সৰু ধুনীয়া পাতেৰে নিম গছ সকলোৱে চিনি পায়। নিম গছ বেছ ওখ হৈ উঠে আৰু বেছিভাগ গৃহস্থই পদুলি মুখত বা ঘৰৰ চৌহদত যত্নেৰে ৰোৱে। কাৰণ এই গছৰ বতাহ স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ শাস্ত্ৰীয় নাম নিন্ব, পিচুৰ্মদ। এই গছৰ পাত আৰু চাল দৰবত ব্যৱহাৰ হয়।

গুণাগুণ

নিম পাত অগ্নিদীপক, শীতবীৰ্য্য আৰু বায়ুনাশক। কফ, ক্ৰিমি, পিত্ত, বমি আৰু অৰুচি আদিৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ্য। নিম পাত চকুৰ কাৰণে ভাল।চৰ্মৰোগত নিমপাত সিজোৱা পানীৰে ঘা ধুব লাগে। পেটত ক্ৰিমি বাঢ়িলে এক অনা পৰিমাণৰ নিম গছৰ বাকলি চূৰ্ণ সৈন্ধৱ লৱণৰ লগত এসপ্তাহ খালে শৌচৰ লগত ক্ৰিমি নিৰ্গত হয়। বসন্ত কালত নিম পাত খোৱা অতি প্ৰয়োজন। ই বসন্তৰ প্ৰতিষেধক প্ৰতিদিনে এক তোলা নিম পাতৰ কোৱাথ মৌৰ লগত একেলগে তিনিদিন খালে যিকোনো কাহৰ উপশম হয়।

পিত্তজনীত যিকোনো অসুখত নিম পাতৰ কোৱাথ বা নিম ছালৰ কোৱাথ এসপ্তাহ প্ৰতিদিনে এক তোলাকৈ খালে অসুখ দূৰীভূত হয়। ফোঁহা পকি ফাটি গ’লে গৰুৰ ঘিউৰ লগত নিম পাত বটি গৰম কৰি ফোহাত লগালে পুঁজ সম্পূৰ্ণলৈ বাহিৰ ওলাই যায় আৰু ফোঁহা শুকাই। গৰম কালত হোৱা ঘা নিম পাত সিজোৱা পানীৰে ধুলে ঘা পকি সোনকালে শুকাই যায়। নিমপাত সদায় পুৱা ঠাণ্ডা পানীৰে দুটাকৈ খালে চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ তিতা ৰস উচ্চবীৰ্য সমন্ধিত আৰু লঘু।

Leave A Reply