Breaking

১০ আগষ্টত অসমত “জেল ভৰো” আন্দোলন এআইচিচিটিইউৰ

0 1,263

তিনিচুকীয়া : এ.আই.চি.চি.টি.ইউৰ অসম ৰাজ্যিক তথা অন্যতম সৰ্বভাৰতীয় সম্পাদক সুভাষ সেনে প্ৰেছ বিবৃতি যোগে বৃহত্তৰ বিজয়ৰ বাবে বৃহত্তৰ সংগ্ৰাম আৰু বৃহত্তৰ সংগ্ৰামৰ বাবে বৃহত্তৰ ঐক্য গঢ়ি তোলাৰ লক্ষ্যত মোদীৰ দেশ বিক্ৰীৰ অভিযানৰ নীতিৰ বিৰুদ্ধে শ্ৰমিকৰ দেশ বচাওঁক তথা “ভাৰতবৰ্ষক ৰক্ষা কৰা”ৰ নীতিৰ বহুল প্ৰচাৰৰ জৰিয়তে ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ আহ্বানত “ভাৰত ত্যাগ দিৱস”ত দেশ জোৰা ৯ আগষ্টৰ পৰিবৰ্তে অসমত (উক্ত দিনা দেওবাৰত লক ডাউন জাৰি থকাৰ বাবে) ১০ আগষ্টত জেল ভৰো বিক্ষোভ প্ৰদৰ্শন আদি কাৰ্যসূচী সফল কৰিবলৈ সংগঠিত, অসংগঠিত খণ্ডৰ শ্ৰমিক সহ ক্ষেত মজদুৰ, গ্ৰামীণ দৰিদ্ৰ, আঁচনিভুক্ত আশা, অঙ্গনৱাদী, মধ্যাহ্ন ভোজন কৰ্মীসহ সমূহ ৰাইজকো আহ্বান জনাইছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে উদ্যোগ ৰক্ষা কৰা, অসম ৰক্ষা কৰা আদিৰ পূৰ্ব চৰ্ত হৈছে মোদী শাসনৰ অৱসান ঘটোৱা, মোদীশাহীৰ ফান্দৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰা। আৰু কোৱা হয় যে মোদীৰ “আত্মনিৰ্ভৰ ভাৰত” এক মস্ত আভুৱা, ভাৰতবৰ্ষক বিক্ৰী কৰাৰ এক ধ্বংসাত্মক শ্ল’গানহে। ১০ আগষ্টৰ জেল ভৰো আন্দোলনৰ দাবীসমূহ ক্ৰমে মজদুৰ, গ্ৰামীণ শ্ৰমিক আৰু অসমলৈ (নিজ ৰাজ্যলৈ) ঘূৰি অহা পৰিযায়ী শ্ৰমিক আদি অসংগঠিত খণ্ডৰ শ্ৰমিকক অহা ছমাহলৈকে প্ৰতি মাহত ১০,০০০ টকাকৈ লকডাউন ভাট্টা প্ৰদান কৰক। শ্ৰমিক ছাটাই, মজুৰি সংকোচন বা কৰ্তন, ডি.এ. বন্ধ কৰা আৰু সামাজিক নিৰাপত্তা দুৰ্বল বা হ্ৰাস কৰা বন্ধ কৰক। জাতীয় সম্পদ বিক্ৰী কৰা বন্ধ কৰক। ব্যক্তিগতকৰণ, নিগমীকৰণ আৰু নিৰ্বিনিয়োজন বন্ধ কৰক। কৃষক বিৰোধী, কৰ্পৰেটমুখী, বজাৰমুখী নীতি আৰু নতুন শিক্ষানীতি, পৰিবেশিক প্ৰভাৱ নিৰূপণ কৰা অধ্যাদেশসমূহ বাতিল কৰক! বিজেপি শাসিত ৰাজ্য আৰু আন আন ৰাজ্যত শ্ৰম আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰক, শ্ৰমিকক ক্ৰীতদাসলৈ পৰিণত কৰাৰ লক্ষ্যত যুগুত কৰা শ্ৰমসংহিতা (Codification of Labour Laws) বাতিল কৰক। ১২ ঘণ্টীয়া কৰ্মদিৱসৰ নিয়ম বন্ধ কৰক। শ্ৰমিক তথা ৰাইজৰ অধিকাৰ কাঢ়ি নিয়া বন্ধ কৰক, চৰকাৰী নীতিক সমালোচনাকাৰীক জেলত বন্দী কৰি ৰখা বন্ধ কৰক। নিবনুৱা সমস্যাৰ সমাধান কৰক, এনৰেগা শ্ৰমিকৰ বছৰত ২০০ দিনৰ কাম আৰু দৈনিক ৫০০.০০ টকাকৈ মজুৰি প্ৰদান কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মজুতকাৰীসকলক শাস্তি বিহক, খাদ্য সুৰক্ষা আইন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন ৰদ কৰাৰ চক্ৰান্ত বন্ধ কৰক। স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু সাৰ্বজনীন কৰক, আঁচনিভুক্ত শ্ৰমিক-কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি আৰু মাননীৰ পৰিবৰ্তে প্ৰতিমাহত ২১ হেজাৰ টকাকৈ দৰমহা দিয়ক। ক’ৰোণা পৰিস্থিতিত কৰ্মহীন হৈ পৰা অসংগঠিত খণ্ডৰ শ্ৰমিকক মাহিলী ৭,৫০০.০০ টকাকৈ সাহায্য প্ৰদান কৰক, চাহ শ্ৰমিকক দৈনিক ৩৫১.০০ টকাকৈ মজুৰি দিয়ক, কৃষিভূমি অধিগ্ৰহণ আইন বাতিল কৰক, অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়ক, স্থায়ী সমাধানৰ ব্যৱস্থা কৰক, বান-খহনীয়া আক্ৰান্ত ৰাইজক পৰিয়াল সাহায্য প্ৰদান কৰক।

Leave A Reply