Breaking

৯ আগষ্টত ‘ৰেল বচাও, দেশ বচাও’ গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ

0 1,374

তিনিচুকীয়া : ‘কৰিম নাইবা মৰিম’ জাতিৰ পিতা মহাত্মা গান্ধীৰ এই অমোঘ বাণী শিৰোগত কৰি এইবাৰ ৰে’ল শ্ৰমিকসকলে দেশৰ সম্পদ আৰু শিল্প ৰক্ষাৰ গণ আন্দোলনৰ হুংকাৰ দিছে। ৰে’ল শ্ৰমিকসকলৰ অন্যতম শক্তিশালী সংগঠন এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে অহা ৯ আগষ্টত ‘ৰে’ল বচাও, দেশ বচাও’ গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি আজি তিনিচুকীয়াত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে কেন্দ্ৰীয় নেতা তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে। বিবৃতিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে কয় যে, সবকা সাথ, সবকা বিকাশৰ কথা কৈ দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধীস্থিত হোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে জনতাৰ কণ্ঠক ভেঙুছালী কৰি দেশৰ সম্পদ আৰু শিল্পসমূহ এফালৰ পৰা কৰ্প’ৰেট গোষ্ঠীৰ হাতত অৰ্পণ কৰি গৈছে। তৈলক্ষত্র, কয়লা তথা বনজ সম্পদ, বিপিচিএল, টেলিকম, এয়াৰ ইণ্ডিয়া, বেংক, ষ্টীল অথৰিটি অৱ ইণ্ডিয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতি আৰু অৰ্থনীতি ৰূপৰেখা স্বৰূপ ৰে’ল শিল্প আদি লাভজনক উদ্যোগসমূহক কৰ্প’ৰেট গোষ্ঠীৰ হাতত পানীৰ দৰত বিক্ৰী কৰি গৈছে এফালৰ পৰা। দেশ স্বাধীন হোৱা দিনাৰ পৰা এই শিল্প আৰু সম্পদ সমূহে আত্মনিৰ্ভৰ লক্ষ্যৰে দেশৰ বুনিয়াদ গঢ়ি তুলিছিল সেয়া আজি সংকটাপৰ্ণ দিশলৈ গতি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বনশীয়া নীতিৰ বাবে। গতিকে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনে আহৱান দিয়া ‘ৰে’ল বচাও, দেশ বচাও’ গণ আন্দোলন সমগ্ৰ দেশৰ লগতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও দলে বলে যোগদান কৰিব বুলি প্ৰকাশ কৰিছে। লগতে এই গণ আন্দোলনত দেশৰ বুনিয়াদ ৰক্ষাৰ হকে আৰু প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা হঠকাৰী নীতিৰ বিৰুদ্ধে তথা কৰ্প’ৰেট গোষ্ঠীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ সকলো দল সংগঠনক সহযোগ কৰিবলৈ আহৱান জনাইছে ৰে’ল শ্ৰমিক নেতাজনে। বিবৃতিটোত লগতে ক’ভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ কৰা ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা নীতি নিৰ্দেশনা সমূহ পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পৰিধান কৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সেৱা সমূহৰ বাধা সৃষ্টি নকৰাকৈ নিজ নিজ কৰ্মস্থলীতে গণ আন্দোলন সফল কৰি তুলিবলৈ আহ্বান জনাইছে।

Leave A Reply