Breaking

২৭ জুলাইত পাবহি ছখন যুদ্ধ বিমান ৰাফেল ।

0 1,190

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

লাডাখত সংঘৰ্ষ হোৱাৰ সময়তে ভাৰতলৈ প্ৰথম যুদ্ধ বিমান আহিব ৷ জুলাই মাহৰ শেষৰ ফালে পূৰ্ণ অস্ত্ৰসম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব ৷ এই বিমানকেইখন হাৰিয়ানাৰ অম্বালা বায়ুসেনা ঘাটিৰ গ’ল্ডেন এৰো  (১৭ নম্বৰ) স্ক্ৰোৱাড্ৰেনত অন্তভূক্ত হ’ব ৷ আগষ্ট মাহৰ আৰম্ভণিত এই বিমান যুদ্ধৰ বাবে সাজু হৈ উঠিব৷ উল্লেখ্য যে অহা ২৭ জুলাইত ছখন ৰাফেল আম্বালা পাবহি৷ দক্ষিণ ফ্ৰান্সৰ ইষ্টাৰ কমিউনৰ পৰা সেইকেইখন উৰুৱাই আনিব ভাৰতীয় বায়ুসেনাৰ পাইলটে৷ মাজতে সংযুক্ত আৰব আমিৰিশাহিৰ আবুধাৰিৰ আফ ধাফৰা এয়াৰবেছত সাময়িক যাত্রাবিৰতি হ’ব৷ অত্যাধুনিক  ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্র আৰু ‘এয়াৰ লঞ্চড ক্রুজ’ ক্ষেপণাস্ত্র স্কাল্পসহ ফ্ৰান্সৰ পৰা উৰি আহিব ছখন ৰাফেল ৷ ফলত যুদ্ধৰ প্ৰস্তুতিৰ বাবে বেছি সময় নালাগিব৷ ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ পাইলটৰ এটা দলে ফ্ৰান্সত ৰাফেল যুদ্ধ বিমানৰ প্ৰশিক্ষণ লৈছে ৷

Leave A Reply