Breaking

২৩ মাৰ্চত সোনোৱাল কছাৰী সকলৰ চতুৰ্থ বাৰ্ষিক এহমাল বংশাৱলী সভা…

0 27

অসমৰ ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰী সকলৰ অন্যতম এহমাল বংশৰ চতুৰ্থ বাৰ্ষিক বংশাৱলী সভাখন অহা ২৩ মাৰ্চত বাটঘৰীয়া আঞ্চলিক ৰাজহুৱা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। এদিনীয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানৰ পুৱা ৮-৩০ বজাত ন-পুৰুষৰ নামত বন্তি প্ৰজ্বলন আৰু সেৱা প্ৰদান । পুৱা ৯ বজাত প্ৰতিনিধি পঞ্জীয়ন।

পুৱা ৯-৩০ বজাত পতাকা উত্তোলন। পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ কৰা অধিৱেশনৰ প্ৰথম বৈঠকত এহমাল বংশৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিব । দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ’বলগা অধিৱেশনৰ দ্বিতীয় বৈঠকত বিশিষ্ট ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠান।বৈঠকত উপস্থিত থাকিব সোনোৱাল কছাৰী

স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, সাধাৰণ সদস্যা দুলেশ্বৰী সোনোৱালে।বৈঠকত এহমাল বংশ আৰু বংশৰ অন্তৰ্ভুক্ত চাৰিটা সঁচৰ ওপৰত আলোচনা কৰা হ’ব।বিয়লি ৩ বজাৰ পৰা অধিৱেশনৰ তৃতীয় বৈঠক অনুষ্ঠিত কৰা হ’ব।বৈঠকত এহমাল বংশৰ পুৰণি কাৰ্য্যকৰী সমিতিখন ভঙ্গ কৰি আগন্তুক পাঁছ বছৰৰ বাবে নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰিব।

শম্ভু দাস চিলাপথাৰ

Leave A Reply