Breaking

“মৰিগাওঁ জিলা দিৱস”ত মন্ত্ৰী পিয়ুষ হাজৰিকা …

0 60

১৯৮৯ চনৰ ১৪ অক্টোবৰ তাৰিখে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ পৰা পৃথক হৈ মৰিগাওঁ জিলাই এখন সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। প্ৰাচীন কালৰ পৰাই মৰিগাওঁ ঠাইখনে অসমৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰি আহিছে। মায়ং অঞ্চলৰ যাদু- মন্ত্ৰৰ পৰা আৰম্ভ কৰি অসম গৌৰব এশিঙীয়া গড়ৰ বিচৰণভূমী পবিতৰা বনাঞ্চল আদিয়ে বৰ্তমানেও মৰিগাওঁক অসমৰ বুকুত এক বিশেষ স্থান প্ৰদান কৰিছে।

মৰিগাওঁ জিলাৰ বিগত ৩৩ বছৰৰ গৌৰৱময় ইতিহাসক ৰোমন্থন কৰাৰ হেতু মৰিগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত আয়োজিত হোৱা “মৰিগাওঁ জিলা দিৱস”ত বিশিষ্ট অতিথিৰূপে উপস্থিত পিয়ুষ হাজৰিকা ।

মৰিগাওঁ জিলাৰ বৰ্ণিল ইতিহাস, স্বকীয় ঐতিহ্য, সংস্কৃতি, সমন্বয়ক সুন্দৰ ৰূপত ৰাইজৰ মাজত উপস্থাপন কৰাৰ বাবে প্ৰশাসনৰ এই সুন্দৰ প্ৰয়াসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখী । এই অনুষ্ঠানটিত অসম চৰকাৰৰ মন্ত্ৰী ইউ জি বহ্ম , মৰিগাওঁ বিধানসভা সমষ্টিৰ ৰমাকান্ত দেউৰী , লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মঃ নাজাৰ , তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে প্ৰমুখ্য কৰি প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াসকলো উপস্থিত থাকে ।

আমাৰ সমাজত ধঁপাতজাতীয় সামগ্ৰীৰ বিৰূপ প্ৰভাৱৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ অসম চৰকাৰে বিভিন্ন সময়ত ধঁপাত বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি মৰিগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈ থকা “মৰিগাওঁ জিলা দিৱস”ত এখন ধঁপাতমুক্ত মৰিগাওঁ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হয়। অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ উপস্থিতত স্বাক্ষৰ অভিযানটিত পিয়ুষ হাজৰিকা স্বাক্ষৰ প্ৰদান কৰি এক ধঁপাত মুক্ত মৰিগাওঁ তথা অসম নিৰ্মাণৰ আমাৰ প্ৰতিশ্ৰুতিক পুনৰ দোহাৰে।

Leave A Reply