Breaking

২২ নৱেম্বৰত ৰাজ্যজুৰি সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ ২ ঘন্টীয়া প্ৰতিবাদ…

0 44

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত তেলাম গামচুক প্ৰাথমিক বিদ্যালয়ত সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজ মুৰ্কংচেলেক খণ্ড সমিতিৰ উদ্দ্যোগত আজি এখনি সাধাৰণ সভা অনুষ্ঠিত কৰে। মূৰ্কংচেলেক খণ্ড সমিতিৰ সভাপতি ভূপেন বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মূৰ্কংচেলেক ব্লক সমিতিৰ সম্পাদক মনোজ কুমাৰ ৰায়ে। উল্লেখ্য যে যোৱা ইংৰাজী ১২ নৱেম্বৰ ২০২৩ তাৰিখে সৰ্বাশিক্ষাৰ ঠিকাভিত্তিক আৰু ষ্টেট্‌ পুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰনৰ ক্ষেত্ৰত যি চৰ্ত আৰোপ কৰিছে, তাৰ প্ৰতিবাদ স্বৰূপে আজি তেলেম গামচুক প্ৰাথমিক বিদ্যালয়ত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰে । আদিৰ সভাখনত ধেমাজি জিলা প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ যুটীয়া সম্পাদক লোহিত ফুকনে উপস্থিত থাকি কয় যে- “যোৱা ১৫ আগষ্টত এক অমৃত ক্ষণত সকলো ঠিকাভিত্তিক, ষ্টেট পুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰন কৰা হ’ব বুলি যি ঘোষণা কৰিছিল সেই ঘোষণা মিথ্যাচাৰত পৰিণত কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰে অসম চৰকাৰক ।

যিসময়ত এইসকল শিক্ষকে টাইম স্কেল পাব লাগিছিল সেই সময়ত দৰমহাৰ গাঁঠনি কমাই পদ অৱনমিত কৰিবলৈ লোৱা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সদৰি কৰে । লগতে শিক্ষক সকলৰ সন্মান সহকাৰে জীয়াই থকাটো বিচাৰে যদি পাই থকা দৰমহাৰ কোনো ক্ষতি নোহোৱাকৈ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক আৰু শিক্ষামন্ত্ৰীয়ে নিয়মীয়াকৰনৰ যি চৰ্ত আৰোপ কৰিছে সেই চৰ্ত উঠাই লঞ্জওক অন্যথা অনাগত দিনত শিক্ষক সকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰিব বুলি হুংকাৰ দিয়ে। এই সভাতে উপস্থিত থকা সকলো শিক্ষকে বিনাচৰ্তে বেতনসুৰক্ষা সহ নিয়মীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তুাৱ গ্ৰহণ কৰে। এই সভাত বিভিন্ন আলোচনাৰ সিদ্ধান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩৫ হাজাৰ শিক্ষকে মুখ্যমন্ত্ৰীলৈ ডাকযোগে চিঠি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতে অহা ইংৰাজী ২২ নৱেম্বৰ ২০২৩ তাৰিখে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয়।

আজিৰ ভাত উপস্থিত থাকে সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতিৰ যুটীয়া সম্পাদক লোহিত ফুকন, সাহিত্য ও সুকুমাৰ কলা সম্পাদক সিদ্ধাৰ্থ উপায়ধ্যায়, সমাজ সেৱা সম্পাদক বিলজিন দলে, জিলা কাৰ্যনিৰ্বাহক ৰঞ্জিত চেত্ৰী আৰু শসাংক গগৈৰ লগতে মুৰ্কংচেলেক খণ্ড সমিতিৰ সকলো বিষয়-ববিয়া উপস্থিত থাকে।

Leave A Reply