Breaking

৭৫সংখ্যক স্বাধীনতা দিৱসত বিশিষ্ট সমাজকৰ্মী, কৃতী ছাত্র -ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষকক উষ্ম সম্বৰ্ধনা

0 1,583

ওদালগুৰি জিলাৰ ভেৰগাও মহকুমাৰ অন্তৰ্গত ডিমাকুছিস্থিত দ্বীপজয় এন্টাৰপ্ৰাইজৰ এক ব্যতিক্ৰমী পদক্ষ গ্ৰহণ কৰি গৌৰৱময়৭৫বছৰীয়া স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি১৫আগষ্টত এক সম্বৰ্ধনা সভা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। যিটো সময়ত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে কেৱল নিজৰ ব্যৱসায়ক লৈ ব্যস্থ থাকি নিজৰ জীৱন জীৱিকাৰ কথা চিন্তা কৰি আহিছে সেই সময়তে কিন্তু দ্বীপজয় এন্টাৰপ্ৰাইজে নিজৰ জীৱন জীৱিকাৰ উপৰিও সমাজ আৰু দহৰ হকে মাজে সময়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

ইয়াৰ উদাহৰণস্বৰূপে স্বৰূপে১৫আগষ্টত দ্বীপজয় এন্টাৰপ্ৰাইজে গৌৰৱময় ৭৫বছৰীয়া স্বাধীনতা দিৱসৰ দিনাখন অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, কৃতীমান ছাত্ৰ -ছত্ৰীৰ উপৰিও কেইবাগৰাগী অৱসৰপ্ৰাপ্ত শিক্ষকক অভিনন্দন আৰু সম্বৰ্ধনা জনাই মানৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।ডিমাকুছি গধূলি বজাৰস্থিত দ্বীপজয় এন্টাৰপ্ৰাইজৰ চৌহদত আয়োজন কৰা কায্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানৰ বন্তি জ্বলাই শুভাৰম্ভ কৰে শিল্পী, সাংস্কৃতিক কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক বাপন শৰ্মাই।ইয়াৰ পিছত ৭-৪৫বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডিমাকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক সূৰেন্দ্ৰ বিমলীয়ে।সভাত দ্বীপজয় এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দ্বীপেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভা উদ্বোধন কৰে ভাৰতীয় জনতা দলৰ জ্যেষ্ঠ নেতা আশীতোষ চৌধুৰীয়ে।সম্বৰ্ধনা সভাত ২০২২বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা হিমেশ চহৰীয়া, বিশাল সৱৰ, শিৱজিত তাতী আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰী পঞ্চমী দাসক এখনকৈ ফুলাম গামোচা, কলম, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱাৰ বিপৰীতে ডিমাকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰেন্দ্ৰ বিমলী, ডিমাকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য শৰ্মা, জ্যেষ্ঠ নাগৰিক জ্যোতিপ্ৰসাদ বৰুৱাক এখনকৈ ফুলাম গামোচা আৰু এখনকৈ মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিৰ সাৱলীল আৰু সুন্দৰ ৰূপত উপস্থাপন কৰি আতধৰি পৰিচালনা কৰে উদীয়মান যুৱক ৰিজু শৰ্মাই।দ্বীপজয় এন্টাৰপ্ৰাইজে স্বাধীনতা দিৱসৰ দিনটোত এনে কায্যসূচী গ্ৰহণ কৰি প্ৰেৰণা আৰু উদ্দিপনা যোগোৱাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply