Breaking

ভেলেণ্টাইন দে’ৰ প্ৰাকক্ষণত উৎপল বণিয়াই মুকলি কৰিলে ‘সিঁচি দিয়া ভালপোৱা’ শীৰ্ষক গীত

0 29

ডি পি প্ৰডাকশ্যনৰ বেনাৰত প্ৰযোজিত “সিঁচি দিয়া ভালপোৱা” শীৰ্ষক এটি গীত দেওবাৰে বিয়লি উদ্বোধন কৰে সমাজকৰ্মী, কবি, যুৱ উদ্যোগী উৎপল বণিয়াই।

প্ৰাঞ্জল কুমাৰ মহন্তৰ কথা, কানু কন্দলীৰ সুৰেৰে দীপান্বিতা গোস্বামী আৰু কানু কন্দলীৰ কণ্ঠেৰে গীতটো মুকলি কৰি উৎপল বণিয়াই অসমৰ সংগীত জগতলৈ এয়া এক মধুৰ উপহাৰ বুলি মত প্ৰকাশ কৰে। বহু তৰল কথা আৰু সংগীতৰ ধামখুমীয়াই অসমীয়া সংগীত জগতত মাজে মাজে তোলপাৰ লগাই থকা সময়ত এনে শালীন আৰু সুশীল গীতৰ কথাই অসমীয়া সংগীত জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি কয়।

ফুলগুৰিৰ শিল্পী, সমাজকৰ্মী দিব্যজ্যোতি মেধিৰ চোতালত অনুষ্ঠিত এটি অনুষ্ঠানত যুৱ সমাজকৰ্মী উৎপল বণিয়াৰ লগতে শিল্পী-গীতিকাৰ, সুৰকাৰ দীপাংকৰগিৰি, কণ্ঠশিল্পী অভিজিৎ ৰাগ, ভাস্কৰ ৰাজীৱ কুমাৰ মহন্ত, দিব্যজ্যোতি মেধিয়ে উদ্বোধন কৰা গীতটিক লৈ উপস্থিত অতিথিসকলে আশা প্ৰকাশ কৰে।

গীতটিৰ সংগীত ব্যৱস্থা অমল কিশোৰ ডেকা। ষ্টুডিঅ’ পিটচ এণ্ড হাৰ্মনি (পাপলি)ত বাণীবদ্ধ হোৱা গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি দিব্যজ্যোতি মেধিয়ে গীতটোৰ যোগেদি শ্ৰোতাই এক নতুন মাদকতা লাভ কৰিব বুলি মত প্ৰকাশ কৰে।

Leave A Reply