Breaking

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ…

0 31

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যবাসীয়ে আনন্দ উল্লাহৰ মাজত নৱবৰ্ষৰ আদৰণি জনাইছে। কৰবাত সপৰিয়ালে জুতিৰে এসাজ বনভোজ আয়োজন আন কৰবাত আকৌ সপৰিয়ালে ভ্ৰমণ।ব্যতিক্ৰম নহয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানও। নৱবৰ্ষৰ প্ৰথমটো দিনতেই অগণন পৰ্যটকৰ সমাগম ঘটিছে উদ্যানখনত।

মনৰ আনন্দত সপৰিয়ালে জীপ ছাফাৰী কৰি উদ্যানখনত এপাক মাৰি আনন্দত মতলীয়া হৈ পৰিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক মনোমোহা দৃশ্য, মুক্ত বিচৰণ কৰি থকা বনৰীয়া জীৱ-জন্তু আৰু বিভিন্ন ৰঙ-বিৰঙী চৰাই-চিৰিকতি চাই। কোনোবাই দেখা চাইছে গড়, হৰিণা আকৌ কোনোবাই দূৰৰ পৰা দেখা পাইছে বনৰাজক। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল।

Leave A Reply